আজি নাজিৰাত, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশন। শিৱসাগৰ জিলাৰ নাজিৰা নাট্য মন্দিৰ প্ৰাঙ্গণত আজি আয়োজিত হয় অসম জাতীয়তবাদী যুৱ-ছাত্ৰ পৰিষদৰ দ্বি-বাষিক অধিৱেশন। বৰ্ণাধ্য কাৰ্য্যসূচীৰে আয়োজিত অনুষ্ঠানটিত পুৱাৰ ভাগতে এক বাৰে-ৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা কৰা হয়।
শোভাযাত্ৰাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাই কে আদি কৰি সংগঠনটোৰ বহু কেগৰিকী বিষয়ববীয়াই অংশ গ্ৰহণ কৰে। এই অনুষ্ঠানটিত লগতে ভাগ লয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদৰ ৰাজ্যিক সমিতিৰ মহিলাসকলে।
অনুষ্ঠানটিৰ শোভাযাত্ৰাত অসমৰ ভিন্ন জনগোষ্ঠীয় কৃষ্টি-সংষ্কৃতি প্ৰকাশ পোৱাৰ লগতে এটা হাতি শোভাযাত্ৰাৰ মূল লক্ষ্যবিন্দু হৈ উঠে। অনুষ্ঠানৰ শোভাযাত্ৰাত নাজিৰাৰ আকাশ-বতাহ এক প্ৰকাৰ উৎসৱ-মুখৰ হৈ উঠে।
 
  
  
  
  
   
  