খুমটাইৰ গৰঙা চাহ বাগিচাৰ শ্ৰমিক ৰাইজে মজুৰিৰ ধনেৰে নিৰ্মাণ কৰা কালী মন্দিৰ আৰু শিৱ লৃংগত কৰা হ’ল প্ৰাণ প্ৰতিষ্ঠা৷ মহামৃত্যুঞ্জয় মন্দিৰৰ পিছত অসমৰ ভিতৰত দ্বিতীয়তো বৃহৎ লৃংগাকাৰ মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা সমাৰোহত দৰ্শনাৰ্থীৰ ভিৰ । তিনিদিনীয়াকৈ আয়োজন কৰা প্ৰাণ প্ৰতিষ্ঠা সমাৰোহত বাৰানসীৰ পুৰুহিতৰ মন্ত্ৰোচ্চাৰণত মুখৰিত গৰঙাৰ চৌদিশ।

প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে কালি পূজাৰ নিশাই মন্দিৰত ল’লে আশীষ । উল্লেখ যে ২০০০ চনৰ পৰা গৰঙা বাগিচাৰ শ্ৰমিক ৰাইজে তেওঁলোকৰ প্ৰতিবাৰৰ মজুৰিৰ পৰা ২০ টকাকৈ জমা কৰি আহিছিল মন্দিৰৰ নামত । সেই টকাৰেই নিৰ্মাণ কৰি প্ৰাণ প্ৰতিষ্ঠা কৰিলে মা কালী মন্দিৰ আৰু ২৫ ফুট উচ্চতাৰ শিৱলিংগটো । কালি পূজাৰ দিনা ৰথযাত্ৰাৰে মা কালীৰ মূৰ্ত্তি ভ্ৰমণ কৰাৰ পিছতেই কৰা হ’ল প্ৰাণ প্ৰতিষ্ঠা । প্ৰতিকূল বতৰকো নেওচি শ শ লোকে অংশগ্ৰহণ কৰিলে ৰথযাত্ৰাত। খুমটাইৰ গৰঙা চাহ বাগিছাত প্ৰায় ৪০ লাখ টকা ব্যয় কৰি মা-কালীৰ মন্দিৰ নিৰ্মাণ কৰাৰ লগতে মুকলিকৈ নিৰ্মাণ কৰিছে বৃহৎ লৃংগটো । মন্দিৰটোৰ প্ৰাণ প্ৰতিষ্ঠা কৰি মুকলি কৰা হ’ল দৰ্শনাৰ্থীৰ বাবে ।

কালী মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহৰ বাবে উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হ’ল সমগ্ৰ গৰঙা চাহ বাগিচাত । সকলোৰে আশা,মহামৃত্যুঞ্জয় মন্দিৰৰ দৰে এই মন্দিৰো হৈ পৰিব আকৰ্ষণৰ কেন্দ্ৰবিন্দু। বাগিচাৰ শ্ৰমিক ৰাইজে মজুৰিৰ পৰা টকা জমা কৰি এনেকৈ মন্দিৰ নিৰ্মাণ কৰা কাৰ্যক সকলোৱে শলাগ লৈছে ।

 

Byte:=