ছিপাঝাৰত উদ্ধাৰ হৈছে এটি মৃতদেহ ।
ছিপাঝাৰ পৌৰসভাৰ ৮ নং ৱাৰ্ডত মাৰৈ মছজিদৰ পুখুৰীত উদ্ধাৰ হৈছে এটি মৃতদেহ ।
প্ৰাতঃভ্ৰমণলৈ অহা লোকে
মছজিদৰ পুখুৰীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো।
ঘটনাস্থলীত উপস্থিত স্থানীয় আৰক্ষী।
ইতিমধ্যে মৃতদেহটো স্থানীয় আব্দুল জলিলৰ পুত্ৰ আজহাৰ আলীৰ বুলি সন্দেহ কৰা হৈছে ।
শনিবাৰৰ পৰা নিখোজ হৈ আছে মাৰৈৰ আব্দুল জলিলৰ পুত্ৰ আজহাৰ আলী।
পুখুৰীৰ পাৰত উদ্ধাৰ হোৱা ম'বাইল ফোনৰ পৰা পৰিয়ালৰ লোকে কৰিছে এই সন্দেহ ।
আৰক্ষীৰ অনুসন্ধানৰ পাছতহে গম পোৱা যাব প্ৰকৃত সত্য।