ওদালগুৰি জিলাৰ ভৈৰৱকুন্দ আৰক্ষী চকীৰ অন্তগত অৰ্জুন পাৰাত নিজ পুত্ৰৰ হাতত এগৰাকী মাতৃয়ে প্ৰান হেৰুৱাব লগা হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষী সুত্ৰে জানিব পৰা অৰ্জুন পাৰাৰ ৰাজু কৰ্মকাৰ কৰ্মসুত্ৰে ওদালগুৰিৰ বাহিৰত থাকে।ঘৰত থাকে পত্নি হীৰা কৰ্মকাৰ আৰু একমাত্ৰ পুত্ৰ দীপু কৰ্মকাৰে বাস কৰে।আজি আবেলিলৈ তেওলোকৰ কোনো এজনকে দেখা নেপায় চুবুৰীয়া লোক ঘৰলৈ যায়। নাম ধৰি মাতাৰ পিছতো কোনো সহাৰি নেপায় ভিতৰলৈ সোমাই যোৱাত হীৰা কৰ্মকাৰক ঢলিপৰিথকা অৱস্হাত প্ৰত্যক্ষ কৰে।মহিলা গৰাকীৰ মুৰত আঘাতৰ চিন স্পষ্ট ।লগে লগে চুবুৰীয়া লোকে ভৈৰৱকুন্দ আৰক্ষীক খৱৰ দিয়াত আৰক্ষীয়ে মহিলা গৰাকীক মৃত অৱস্হাত উদ্ধাৰ কৰে।ঘটনাটো যোৱা নিশাই সংঘটিত হয় যদিও আজি আৱেলিহে পোহৰলৈ আহে ঘটনাটো।অনুসন্ধান কৰি আৰক্ষীয়ে নিশ্চিত হয় যে পুত্ৰ দীপু কৰ্মকাৰে মাকক মৰিয়াই হত্যা কৰি পলায়ন কৰে।কিন্তু কি কাৰনত পুত্ৰ দীপুৱে নিজৰ মাকক হত্যা কৰে সেইয়া জানিব পৰা হোৱা নাই। মহিলা গৰাকীৰ মৃতদেহটো মৰোনত্তৰ পৰীক্ষাৰ বাৱে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राजस्थान की नूर लंदन की Queen Mary University में करेगी पढ़ाई, सरकार देगी 1.10 करोड़ और हर महीने 1 लाख रुपये
राजस्थान के उदयपुर की रहने वाली छात्रा नूर ने अपना परचम लंदन में लहराया है. उसने अपनी मेहनत...
মুখ্যমন্ত্রীৰ জনসভাৰ পৰা ওভতি যোৱাৰ পথত ওদালগুৰিত অঘটন
সংবাদদাতা, টংলাঃ ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডত অনুষ্ঠিত হোৱা মুখ্যমন্ত্ৰীৰ জনসভাৰ পৰা উভতি আহোঁতেজন...
छात्रों के लिए खुशखबरी ! 5वीं और 8वीं की बोर्ड परीक्षाओं का शेड्यूल जारी
मध्यप्रदेश माध्यमिक शिक्षा बोर्ड कक्षा 5 और 8 के बोर्ड छात्रों के लिए बोर्ड परीक्षाओं का शेड्यूल...
વલસાડના કોસંબા મારુતિ નગરમાં આવેલી જમીનમાં મકાન બનાવવા મુદ્દે બે પરિવારો વચ્ચે મારામારી થતા વલસાડ સીટી પોલીસ મથકે સામ સામે ફરિયાદ નોંધાઈ
વલસાડના કોસંબા ગામ ખાતે રહેતા એક ટંડેલ પરિવારની કોસંબા મારુતિ નગરમાં આવેલી જગ્યામાં પરિવારના એક...