গোলাঘাট জিলাৰ বৰপথাৰত আজি  উপস্থিতি হয়হি অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা।

মন্ত্ৰী গৰাকীয়ে  বৰপথাৰৰ 
বাৰমুখীয়াস্থিত লাভলিনা বৰগোহাঁইৰ গৃহলৈ যোৱা পকী পথৰ উদ্বোধন কৰাৰ লগতে অসম চৰকাৰৰ জলজীৱন আঁচনিৰ অধীনৰ বাৰমুখীয়া পানী যোগান আঁচনিখনৰো শুভ উদ্বোধন কৰে।

অনুষ্ঠানটিত মন্ত্ৰী গৰাকীৰ সৈতে সমষ্টিটোৰ বিধায়ক বিশ্বজিৎ ফুকন, ধনশিৰি মহকুমা মহকুমাধিপতি দীনচেংফা  বৰুৱা, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰ লাভলিনা বৰগোহাঁইৰ পিতৃ টিকেন বৰগোহাঁই, মাতৃ মামনি বৰগোহাঁইৰ লগতে বিভাগীয় বিষয়া আৰু পাচ শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে।