তেজপুৰৰ শ'লমৰাস্হিত হায়াতুল উলুম মাম্ৰাছাত অধ্যয়নৰত আছিল তেজপুৰ যোৰগড়ৰ দুই ছাত্ৰ ক্ৰমে মুছাৰ্দুৰ ৰহমান (মুন) আৰু আলহাজ মুছিদুৰ ৰহমান৷

মুছাৰ্দুৰে বিগত দুবছৰ আৰু মুছিদুৰে বিগত তিনি বছৰ ধৰি এইখন ধৰ্মীয় শিক্ষানুষ্ঠান তথা মাদ্ৰাছাত অধ্যয়নৰত আছিল৷

কিন্তু ৰহস্যজনকভাৱে সোমবাৰে পুৱাৰ ভাগত ছাত্ৰদ্বয় নিখোজ হয় বিদ্যালয়ৰ পৰা৷

পুৱা ৮/৯ মান বজাত ছাত্ৰদ্বয় নিখোজ হোৱাৰ কথা পৰিয়ালক অৱগত কৰিয়েই দায়িত্ব সামৰে মাদ্ৰাছা কৰ্তৃপক্ষই৷

বিপৰীতে দুয়োজন ছাত্ৰৰ পৰিয়ালে পৃথকে-পৃথকে স্হানীয় বৰঘাট আৰক্ষী চকীত দাখিল কৰে এজাহাৰ৷

ইফালে, ১৩ আৰু ১৪ বছৰীয়া কনমানি ছাত্ৰদ্বয় নিখোঁজ হোৱাক লৈ দুয়োখন ঘৰতে বিৰাজ কৰিছে শোকাকুল পৰিৱেশে৷

আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই৷