অসম চৰকাৰৰ পৰিবহন বিভাগে যান বাহনৰ ফিটনেছৰ দৈনিক বিলম্ব জৰিমনা ৰেহাই প্ৰদানৰ সময় সীমা আগন্তক এমাহলৈ বৃদ্ধি কৰিছে। বছৰ বছৰ ধৰি জৰিমনা প্ৰদান নকৰা যান বাহনৰ গৰাকীয়ে বিশেষ ৰেহাইৰ জড়িয়তে বিলম্ব জৰিমনা সমূহ অহা ১৫ জুলাইৰ পৰা ১৫ অক্টোৱৰ তাৰিখৰ ভিতৰত জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ত জমা দিয়াৰ তাৰিখ আছিল যদিও এই সময় অহা ১৫ নৱেম্ৱৰলৈ বৃদ্ধি কৰিছে বিভাগটোৱে। আজি এই সন্দৰ্ভত ওদালগুৰিৰ পৰিবহন বিষয়া ধজেন বসুমতাৰীয়ে সাংবাদিকক সম্বোধন কৰি যান বাহন সমূহৰ মালিক তথা চালক সকলক চৰকাৰে প্ৰদান কৰা ৰেহাইৰ সুবিধা গ্ৰহণ কৰি ১৫ নৱেম্বৰৰ ভিতৰত জৰিমনা সমূহ আদায়ৰ বাবে আহ্বান জনায়।