ঢকুৱাখনা দৈনিক বজাৰ সন্থাৰ উদ্যোগ অহা ২৬ অক্টোবৰ দিনা দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰিছে দ্বাদশ বাৰ্ষিক সবাহ ও ভাওনা উৎসৱ ৷ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষ, জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ অৱদান কাল সংস্কৃতি সাৰোগত কৰি বিগত বছৰবোৰ দৰে এইবাৰো দিনযোৰা কাৰ্যসূচীয়ে আয়োজন কৰিছে এই ভাওনা সভা ৷ ভাওনা সভাখন পাতিবৰ কাৰণে প্ৰায় এমাহৰ পৰাই আখৰা কৰা লগতে ভাওনাখন সুকলমে পৰিচালনা কৰি দৰ্শকৰ মাজত পৰিৱেশন কৰিব বাবে দিনে ৰাতিয়ে দৈনিক বজাৰ সন্থাৰ একাংশ বিষয়ববীয়াই বহু কষ্টৰে সকলো কাম সম্পূৰ্ণ কৰি তুলিছে ৷ এই ভাওনা সভাৰ কাৰ্যসূচী অনুসৰি পুৱা ৬ বজাত পৰিৱেশ নিকাকৰণ কৰা পাছতে ৭ বজাত বিশিষ্ট সমাজ সেৱক প্ৰদীপ চমুৱাৰ দ্বাৰা ধৰ্ম ধ্বজা উত্তোলন ৷ ৯ বজাত চাৰিআলি চাপৰি গাঁৱৰ মিন বৰুৱাৰ দ্বাৰা পুৱা শৰাই প্ৰতিষ্ঠা ৷ ইয়াৰ পাছতে পুৱা ১০ বজাত ঢকুৱাখনা শংকৰদেৱ বিদ্যালয়ৰ প্ৰধান আচাৰ্য দেৱ গগৈয়ে উদ্ধোধন কৰা হৰি নাম অনুষ্ঠানত ঢকুৱাখনা চাউৰকীয়া গাৱঁৰ শংক - মাধৱ দিহানাম দলৰ সংগীবৃন্দই নাম পৰিৱেশন কৰিব ৷ বিয়লিলৈ উদযাপন সমিতিৰ সভাপতি নীল গোহাঁই দ্বাৰা বন্তি প্ৰজ্বলন আৰু সন্ধিয়ালৈ ঢকুৱাখনা দৈনিক বজাৰ সন্থাৰ যুৱ ব্যৱসায়ী সকলৰ দ্বাৰা "বিপ্ৰ দামোদৰ আখ্যান দন্ত বক্ৰৰ মুক্তিলাভ " নামৰ ভাওনা প্ৰদশৰ্ন ৷ ভাওনাখনি শুভ উদ্ধোধন কৰিব ধেমাজি জিলা হস্ত তাঁত বস্ত্ৰ শিল্পৰ জেষ্ঠ পৰিদৰ্শক অনন্ত কুমাৰ দত্তই ৷ এই দিনটোৰ কাৰ্যসূচীত ভক্তি প্ৰাণ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে ঢকুৱাখনা দৈনিক বজাৰ সন্থাৰ সভাপতি নবীন দত্ত আৰু সম্পাদক যোজেন শইকীয়াই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
त्या नराधमांचे प्रकरण जलद न्यायालयात चालवून आरोपींना फाशीची शिक्षा द्या- राष्ट्रवादी महिला काँग्रेसची मागणी
सेलू शहरातील १० वर्षीय अल्पवयीन मुलगी व तिच्या मावसभावास दुचाकीवरून जबरदस्तीने पळवून नेत मुलीवर...
নাৰায়ণপুৰত পঢ়ুৱৈ দিৱস উদ্যাপন
সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ লখিমপুৰ জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত জ্যোতি পুথিভঁৰাল...
રાજકોટ ના કુવાડવા રોડ પર સર્જાયો ભયંકર અકસ્માત લોખંડના પાઇપ કાર સોંસરવા નીકળ્યા
રાજકોટ ના કુવાડવા રોડ પર સર્જાયો ભયંકર અકસ્માત લોખંડના પાઇપ કાર સોંસરવા નીકળ્યા
સા:કુંડલા કબીરટેકરી ખાતે સદગુરુ રામપ્રતાપ સાહેબની ૪૧મી પુણ્યતિથિ નિમિત્તે ભાગવત સપ્તાહનુ આયોજન કરાયુ
સાવરકુંડલા કબીર ટેકરી ખાતે સદગુરુ રામપ્રતાપ સાહેબની 41 મી પુણ્યતિથિ નિમિત્તે ભાગવત સપ્તાહનું...
પરમ પૂજ્ય ઘનશ્યામ વલ્લભ શાસ્ત્રીજી નાં સર્વોપરી ગૌશાળા શરૂ કર્યા અંગેનું વક્તવ્ય...
પરમ પૂજ્ય ઘનશ્યામ વલ્લભ શાસ્ત્રીજી નાં સર્વોપરી ગૌશાળા શરૂ કર્યા અંગેનું વક્તવ્ય...