অসমৰ প্ৰাক্তন মন্ত্ৰী ডাঃ অৰ্ধেন্দু কুমাৰ দে ৰ দেহাৱসান ৷
প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী আৰু চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ শোক প্ৰকাশ
অসমৰ প্ৰাক্তন মন্ত্ৰী ,হোজাই সমষ্টিৰ প্ৰাক্তন বিধায়ক মানৱ দৰদী চিকিৎসক ডাঃ অৰ্ধেন্দু কুমাৰ দে ৰ যোৱা নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পৰলোক প্ৰাপ্তি ঘটে ৷
প্ৰাক্তন মন্ৰী গৰাকীৰ বিয়োগত তেখেতৰ ঘনিষ্ঠ বন্ধু প্ৰাক্তন মন্ত্ৰী অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কোষাধ্যক্ষ তথা ৰাজ্য খনৰ এগৰাকী জেষ্ঠ ৰাজনীতিবিদ শৰৎ বৰকটকী দেৱে এটি শোক বাৰ্তাত কয় যে “ডাঃ অৰ্ধেন্দু কুমাৰ দে এগৰাকী বৰ দানী ,পৰোপকাৰী মানৱ দৰদী চিকিৎসকৰ লগতে দক্ষ সংগঠক আছিল ’’৷উল্লেখ যোগ্য যে অসমত ২০০১ চনত কংগ্ৰেছ চৰকাৰ গঠন কৰা ক্ষেত্ৰত সেই সময়ত তেখেত দলৰ সাধাৰন সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ বাবত থাকি তেতিয়া দলৰ সাধাৰণ সম্পাদক প্ৰশাসন ৰ পদত অধিষ্ঠিত হৈ থকা তেখেতৰ বন্ধু শৰৎ বৰকটকী দেৱৰ লগতে সমগ্ৰ অসম ঘুৰি দলীয় সংগঠন শক্তিশালী কৰাৰ ওপৰিও সেই সময়ত দল চলাবলৈ তাৎক্ষণিক ভাৱে প্ৰয়োজন হোৱা দুই লাখ টকা দলৰ পুজিঁ লৈ দান হিচাবে আগবঢ়াই ছিল বুলি তেখেতৰ স্মৃতি সোঁৱৰি প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী দেৱে তেখেতৰ বন্ধু প্ৰয়াত ডা:অৰ্ধেন্দু কুমাৰ দে ৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷