ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বর্ষ পূৰ্তি উপলক্ষে দেশজুৰি উদযাপিত হৈ থকা "আজাদী কা অমৃত মহোৎসৱ"ৰ অংশস্বৰূপ 'হৰ ঘৰ তিৰংগা' শীৰ্ষক কাৰ্যসূচীৰ সফল ৰূপায়ণৰ উদ্দেশ্যে নগৰ চহৰ আৰু গাঁও সকলোতে ব্যাপক প্ৰচাৰ চলাই আছে প্ৰশাসনে। এই প্ৰচাৰৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি বোকাখাতস্থিত গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ অন্তৰ্গত উত্তৰ মহুৰা গাঁও পঞ্চায়ত আজি "বিশেষ গাঁও সভা" অনুষ্ঠিত হয়।

পঞ্চায়তৰ কাৰ্যালয়ত অনুষ্ঠিত গাঁও সভাৰ সভাপতিত্ব কৰে উপ-সভানেত্ৰী ৰিতামনি দাৱ আৰু উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় পঞ্চায়তৰ সচিব লক্ষী খাটনীয়াই। সভাত কেন্দ্ৰ চৰকাৰ নিৰ্দেশ অনুসৰি ১৩ আগষ্ট পৰা ১৫ আগষ্ট লৈকে দেশৰ প্ৰত্যেক ঘৰতে দেশৰ স্বাভিমান আৰু সন্মানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি গৌৰৱ উজ্জ্বল ৭৫ সংখ্যক স্বাধীনতা দিৱস পালন কৰাৰ বিষয়ে আলোচনা কৰে।

 সভাত সমাজকৰ্মী লোচন মৰাং, জ্যেষ্ঠ সাংবাদিক সৰুধন মৰাং, প্ৰাক্তন পঞ্চায়ত সভানেত্ৰী দিপ্লমতী লইং, তিলক টাইদ, ৱাড সদস্যা পদ্মা দলে পঞ্চায়ত সুজাতা তামুলী বৰুৱা আদিয়ে বক্তব্য ৰাখে।