মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে আজি ৰাজ্যত ঈদ-এ-মিলাদুন্নবী উপলক্ষে লাউডস্পীকাৰ ব্যৱহাৰ আৰু মুছলমানসকলৰ শোভাযাত্ৰা নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছে। 

ৰাজ্য চৰকাৰৰ প্ৰশাসনে পূৰ্বে এই শোভাযাত্ৰা আদি অনুষ্ঠানত অনুমোদন জনাইছিল যদিও পিছত এই সিদ্ধান্ত সলনি কৰা হয়।

উল্লেখ্য যে আজি ঈদ-এ-মিলাদুন্নবী উৎসৱ মুছলমান সমাজে অতি উলহ মালহেৰে পালন কৰিছে। মুছলমানসকলে এই দিনটো হজৰত মহম্মদৰ জন্মদিন হিচাপে পালন কৰে। 

জানিব পৰা মতে, প্ৰশাসনে আজি অসমৰ বৰাক উপত্যকাৰ কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত শোভাযাত্ৰা আৰু লাউডস্পীকাৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে।

এই জিলাসমূহৰ প্ৰশাসনে পূৰ্বে আয়োজকসকলক শোভাযাত্ৰা কাৰ্যসূচী বা লাউডস্পীকাৰ ব্যৱহাৰ কৰাৰ অনুমতি দিছিল যদিও শনিবাৰে ‘আইন-শৃংখলাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি’ এই সিদ্ধান্ত সলনি কৰে।

কাছাৰৰ আৰক্ষী অধীক্ষক নুমল মেহতাই কয়, ‘অৱশ্যে তেওঁলোকে যিকোনো মুকলি খেলপথাৰ, মছজিদ বা ঈদগাহত এই উৎসৱ উদযাপন কৰিব পাৰিব’।

প্ৰশাসনৰ এই সিদ্ধান্তৰ পিছতে কাছাৰৰ জুলুছ-ই-মহম্মদী উৎসৱ সমিতিয়ে এই সমাৱেশ বাতিল কৰাৰ কথা ঘোষণা কৰে।