আহোম ৰাজত্বকালৰ প্ৰথমটো স্থায়ী ৰাজধানী চৰাইদেউত চাওলুং চুকাফাই প্ৰতিষ্ঠা কৰা চৰাইদেউ দেওশাল দীৰ্ঘদিন ধৰি পৰিত্যক্ত হৈ থকাৰ পাছত পুনৰ আজিৰেপৰা টাই আহোম ধৰ্মীয় পৰম্পৰা অনুসৰি ফুৰালুং আয়োজন কৰা হৈছে। চৰাইদেউ আমাৰ গৌৰৱ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত আজি ধৰ্মীয় পৰম্পৰাৰে আয়োজন কৰা হয় চৰাইদেউ দেওশালত। উল্লেখ্য যে, স্বৰ্গদেউ চাওলুং চুকাফাই পাটকাই পাৰ হৈ আহি বিভিন্ন ঠাইত ৰাজধানী স্থাপন কৰিছিল যদিও শেহত ১২৫৩ খ্ৰীষ্টাব্দত চৰাইদেউৰ পৰ্বতত স্থায়ী ৰাজধানী স্থাপন কৰাৰ সমান্তৰালকৈ পৰ্বতৰ শিখৰত সমূহীয়া উপাসনাস্থলী চৰাইদেউ দেওশাল স্থাপন কৰিছিল। পৰৱৰ্তী সময়ত মোৱামৰীয়া বিদ্ৰোহৰ পাছত এই শালখন বিভিন্ন কাৰণত বৰ্তমানৰ আমলখি দেওশাললৈ স্থানান্তৰ কৰা হয় যদিও চৰাইদেউৰ এই মূল দেওশালখনত আজিও আহোমসকলৰ পৰম্পৰাগত বিভিন্ন ধৰ্মীয় পূজা-পাৰ্বন অনুষ্ঠিত হৈ আহিছে। অৱশ্যে দীৰ্ঘদিন ধৰি অবহেলিত হৈ আছিল যদিও চৰাইদেউ পৰ্বতৰ শিখৰত থিয় হৈ থকা দেওশালৰ তিনিটা শিলাস্তম্ভ এতিয়াও স্মৃতি বহন কৰিছে চৰাইদেউ দেওশালৰ। কিন্তু অতি পৰিতাপৰ কথা যে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ কাণসাৰ নথকা বাবে অৱহেলিত, অনাদৃত, অসংৰক্ষিত তথা এলাগী হৈ পৰি ৰৈছে চৰাইদেউত আহোম ৰাজত্বকালৰ ঐতিহ্য । এই সন্দৰ্ভত বিভিন্ন দল-সংগঠনে বিভিন্ন সময়ত চৰকাৰৰ দৃষ্টিগোচৰ কৰি আহিছে যদিও কোনো ধৰণৰ গুৰুত্ব নিদিয়াত চৰাইদেউ আমাৰ গৌৰৱ নামৰ স্বেচ্ছাসেৱী সংগঠন এটাই বিগত সময়ত এই দেওশালখন পুনৰ্জীৱিত কৰি তুলিবলৈ এক পদক্ষেপ গ্ৰহণ কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত বিগত সময়চোৱাত স্বেচ্ছাসেৱী সংগঠনটোৱে দেওশালখন চাফ-চিকুন কৰি পূজা-অৰ্চনা কৰিব পৰাকৈ মেৰিমতি কৰা পাছত আজি ফুৰালুং শুভাৰম্ভ কৰা হয়। প্ৰথম পৰ্যায়ত প্ৰতি দেওবাৰে এই কাৰ্য অনুষ্ঠিত কৰা পাছত পৰৱৰ্তী সময়ত স্থায়ী মলুঙ নিয়োগ কৰি প্ৰত্যেক দিনাই উপাস্য দেৱতাক পূজা অৰ্চনা কৰিব পৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিছে সংগঠনটোৱে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
PM मोदी ने देशवासियों को रक्षाबंधन की शुभकामनाएं दी, राहुल गांधी ने बहन प्रियंका के साथ शेयर की फोटो
आज पूरे देश में श्रावण मास के अंतिम सोमवार के साथ ही भाई बहन के प्रेम का पर्व रक्षा बंधन...
પાવીજેતપુર તાલુકાની ડુંગરવાટ પ્રાથમિક શાળા નં ૨માં માં ૩૨ માં સ્થાપના દિવસની થયેલી ભવ્ય ઉજવણી
તારીખ ૮-૧૦- ૨૦૨૨ ના રોજ પાવીજેતપુર તાલુકાની ડુંગરવાટ પ્રાથમિક શાળા નં ૨માં ૩૨માં સ્થાપના દિનની...
103 મન કી બાત કાર્યક્રમ નિહાળ્યો શીલવાડ ગામે
આજ રોજ તા.૩૦/૦૭/૨૦૨૩ સ્વામી વિવેકાનંદ ગુજરાત રાજ્ય બોર્ડ દ્વારા *૧૦૩ મન કી બાત* સાબરકાંઠા...
#bhavnagar | મુખ્યમંત્રી ભુપેન્દ્ર પટેલની હાજરીમાં દહીં હાંડી અને મેળો યોજાયો | Divyang News
#bhavnagar | મુખ્યમંત્રી ભુપેન્દ્ર પટેલની હાજરીમાં દહીં હાંડી અને મેળો યોજાયો | Divyang News
Women Traders के शेयर और निवेश से जुड़े सवालों के मिलेंगे जवाब|Saas, Bahu Aur Sensex | CNBC Awaaz
Women Traders के शेयर और निवेश से जुड़े सवालों के मिलेंगे जवाब|Saas, Bahu Aur Sensex | CNBC Awaaz