ফোনত হেল্ল’ নহয়, এতিয়াৰে পৰা বন্দে মাতৰম বুলি ক’ব লাগিব চৰকাৰী কৰ্মচাৰীয়ে 

ফোনত হেল্ল’ নহয়, এতিয়াৰে পৰা বন্দে মাতৰম বুলি ক’ব লাগিব চৰকাৰী কৰ্মচাৰীয়ে! বাধ্যতামূলক কৰিলে এইখন চৰকাৰে…

শনিবাৰে একানাথ শিন্দে নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰে এক চৰকাৰী প্ৰস্তাৱ জাৰি কৰি সকলো চৰকাৰী কৰ্মচাৰীক ফোনত হেল্ল’ৰ সলনি বন্দে মাতৰম কোৱাটো বাধ্যতামূলক কৰে।

‘হেল্ল’ শব্দটো পশ্চিমীয়া সংস্কৃতিৰ অনুকৰণ বুলি দাবী কৰি এই নিৰ্দেশ প্ৰদান কৰিছে একনাথ শিন্দে চৰকাৰে।

চৰকাৰী নিৰ্দেশ অনুসৰি চৰকাৰত বা চৰকাৰী পুঁজিৰে চলি থকা প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰীসকলে নাগৰিক বা চৰকাৰী বিষয়াৰ পৰা টেলিফোন বা মোবাইল ফোন কল লাভ কৰাৰ সময়ত ‘হেল্ল’ৰ সলনি ‘বন্দে মাতৰম’ ব্যৱহাৰ কৰিব