আগন্তুক দিনত আগ্ৰাসী চীনৰ ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে গ্ৰহণ কৰিবলগীয়া সামৰিক স্থিতিক লৈ বৃহস্পতিবাৰে নিশা দিনজান সেনা চাউনীত শীৰ্ষ সেনা বিষয়াৰে বৈঠকত মিলিত হয় দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং৷ নিশাটো দিনজান সেনা চাউনীত কটাই শুকুৰবাৰে ৰাজনাথ সিং উপস্থিত হয় তেজপুৰৰ ফ’ৰ কৰৰ চাউনীত৷ সামৰিক দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত ফ’ৰ কৰৰ চাউনীত কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰীজনে শীৰ্ষ সেনা বিষয়াৰ বৈঠকত মিলিত হৈ পৰিস্থিতি সাপেক্ষে চীনৰ বিৰুদ্ধে গ্ৰহণ কৰিবলগীয়া ৰণকৌশল সন্দৰ্ভত মন্ত্ৰণা কৰে৷ তেজপুৰত ৰাজনাথ সিঙে সেনা জোৱানৰে আহাৰো গ্ৰহণ কৰে৷ তেওঁ আজি অৰুণাচলৰ দিবাঙলৈ গৈ সেনা বিষয়াৰে বৈঠকত মিলিত হয়৷ উল্লেখ্য, প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে দিনজান, তেজপুৰ আৰু অৰুণাচলত থকা সেনা শিবিৰৰ শক্তি বৃদ্ধিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰাৰ লগতে ভাৰত-চীন সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি অহা এই সেনা চাউনী তিনিটাৰ বৰ্তমানৰ ব্যৱস্থা পৰ্যালোচনা কৰে৷ উল্লেখ্য, তিনিদিনীয়া ভ্ৰমণসূচীৰে অসম আৰু অৰুণাচললৈ অহা ৰাজনাথ সিঙক বুধবাৰে ডিব্ৰুগড় বিমানবন্দৰত আদৰণি জনায় মন্ত্ৰী অতুল বৰাই৷ আনহাতে, মন্ত্ৰী অতুল বৰাই আজি ‘নামচাই ঘোষণা-পত্ৰ’ অনুসৰি আৰু শেহতীয়াকৈ অসম আৰু অৰুণাচলৰ স্পৰ্শকাতৰ সীমাত থকা অঞ্চলসমূহৰ যুটীয়া পৰিদৰ্শনৰ পাছত ডিব্ৰুগড়স্থিত অৰুণাচল ভৱনত তিনিচুকীয়া, নামচাই, নামনি দিবাং ভেলী আৰু লোহিত জিলাৰ বাবে গঠিত অসম আৰু অৰুণাচলৰ আঞ্চলিক সমিতিৰ এখন বৈঠকত অংশ লয়৷ বৈঠক অসম আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰীদ্বয়ক দাখিল কৰিবলগীয়া আঞ্চলিক সমিতিৰ চূড়ান্ত প্ৰতিবেদনৰ বিষয়ে আলোচনা কৰা হয়৷ ১৫ অক্টোবৰৰ ভিতৰত দুয়োখন আঞ্চলিক সমিতিয়ে মুখ্যমন্ত্ৰীদ্বয়ক যুটীয়া প্ৰতিবেদন দাখিল কৰাৰ সিদ্ধান্তও আজিৰ বৈঠকত গ্ৰহণ কৰা হয়৷ মন্ত্ৰী বৰাই প্ৰকাশ কৰা মতে উক্ত জিলাকেইখনৰ সৈতে সম্পৰ্কিত বেছিভাগ সীমা সমস্যা ইতিমধ্যে পাৰস্পৰিক আলোচনাৰ মাজেৰে সুকলমে মীমাংসাৰ দিশত আগবাঢ়িছে৷ অতি সোনকালেই দুয়োখন ৰাজ্যৰ মাজত থকা সীমা সমস্যাই স্থায়ী সমাধানৰ ৰূপ ল’ব৷ অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌনা মে’, মন্ত্ৰী আল’ লিবাং, বিধায়কসকল ক্ৰমে বলিন চেতিয়া, গাম টায়েং, কাৰিখ’ ক্ৰী, জিংনু নামচুম, জুম্মুম এটে দেউৰী, মুটচু মিথি আৰু তিনিচুকীয়া, ডিব্ৰুগড়, নামচাই, লোহিত, ৰয়িং জিলাৰ উপায়ুক্তসকল আৰু ডিব্ৰুগড়, লোহিত, নামচাই জিলাৰ অধীক্ষকসকল তথা দুয়োখন ৰাজ্যৰ জ্যেষ্ঠ বিষয়াসকল আজিৰ বৈঠকত উপস্থিত থাকে৷
তেজপুৰৰ সেনা ছাউনীত প্ৰতিৰক্ষামন্ত্ৰী
অসম-অৰুণাচলৰ তিনিদিনীয়া ভ্ৰমণসূচীলৈ কালি ৰাজ্যত উপস্থিত হোৱা দেশৰ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং আজি দিনত তেজপুৰত উপস্থিত হয়হি৷ ভাৰত-চীন আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপৱৰ্তী তথা দেশৰ নিৰপত্তাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা সেনাৰ চতুৰ্থ ক’ৰ পৰিদৰ্শন কৰি প্ৰতিৰক্ষামন্ত্ৰী সিঙে সেনা জোৱানসকলৰ সৈতে মতবিনিময় কৰাৰ লগতে একেলগে আহাৰ গ্ৰহণ কৰে৷ মন্ত্ৰীজনৰ লগত জেনেৰেল মনোজ পাণ্ডে আৰু লেফটেনেণ্ট জেনেৰেল আৰ পি কলিতাও উপস্থিত থাকে৷ ইয়াত মন্ত্ৰীক সাম্প্ৰতিক পৰিস্থিতিৰ লগতে সেনাই গ্ৰহণ কৰা সকলো ব্যৱস্থাৱলীৰ বিষয়ে অৱগত কৰা হয়৷ চতুৰ্থ তথা গজৰাজ ক’ৰৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল ডি এছ ৰাণাই মন্ত্ৰী সিঙক কাৰ্যকৰী পৰিস্থিতিৰ বিষয়ে অৱগত কৰাৰ বিপৰীতে প্ৰতিৰক্ষামন্ত্ৰীজনে সেনাৰ উচ্ছ মানৰ পেছাদাৰিত্ব আৰু কৰ্তব্যৰ প্ৰতি সমৰ্পণৰ বাবে তেওঁলোকক প্ৰশংসা কৰে৷ দেশৰ ভূখণ্ডৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বক নিৰাপদে ৰক্ষা কৰাৰ ক্ষেত্ৰত অতি কঠিন পৰিস্থিতিৰ মাজতো অদম্য সাহস আৰু কৰ্তব্যনিষ্ঠাৰে চতুৰ্থ ক’ৰৰ সেনা বিষয়া জোৱানসকলে পালন কৰি অহা দায়িত্বক তেওঁ প্ৰশংসা কৰে৷
অৰুণাচল ভৱনত নামচাই ঘোষণাপত্ৰৰ পৰ্যালোচনা
নামচাই ঘোষণা পত্ৰ অনুসৰি আৰু শেহতীয়াকৈ দুয়োখন ৰাজ্যৰ স্পৰ্শকাতৰ সীমান্ত অঞ্চলসমূহৰ যুটীয়া পৰিদৰ্শনৰ পাছত আজি ডিব্ৰুগড়স্থিত অৰুণাচল ভৱনত তিনিচুকীয়া, নামচাই, নামনি দিবাং ভেলী আৰু লোহিত জিলাৰ বাবে গঠিত অসম আৰু অৰুণাচল আঞ্চলিক সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত অসম আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰীদ্বয়ক দাখিল কৰিবলগীয়া আঞ্চলিক সমিতিৰ চূড়ান্ত প্ৰতিবেদনৰ বিষয়ে আলোচনা কৰা হয়৷ তদুপৰি, আগন্তুক ১৫ অক্টোবৰৰ ভিতৰত দুয়োখন আঞ্চলিক সমিতিয়ে উভয় ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয়ক যুটীয়া প্ৰতিবেদন দাখিল কৰাৰ সিদ্ধান্তও আজিৰ বৈঠকত গ্ৰহণ কৰা হয়৷ অসম চৰকাৰৰ কৃষি তথা সীমা সুৰক্ষা ও উন্নয়নমন্ত্ৰী অতুল বৰাই উক্ত জিলাকেইখনৰ সৈতে সম্পৰ্কিত বেছিভাগ সীমা সমস্যা ইতিমধ্যে পাৰস্পৰিক আলোচনাৰ মাজেৰে সুকলমে মীমাংসাৰ দিশত আগবাঢ়িছে বুলি উল্লেখ কৰে৷ লগতে অতি সোনকালেই দুয়োখন ৰাজ্যৰ মাজত থকা সীমা সমস্যাই স্থায়ী সমাধানৰ ৰূপ ল’ব বুলি কয়৷ আজিৰ বৈঠকত অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌনা মে’, মন্ত্ৰী আল লিবাং, দুয়োখন ৰাজ্যৰ বিধায়কসকল ক্ৰমে বলিন চেতিয়া, গাম টায়েং, কাৰিখ’ ক্ৰী, জিংনু নামচুম, জুম্মুম এটে দেউৰী, মুটচু মিথিৰ উপৰি তিনিচুকীয়া, ডিব্ৰুগড়, নামচাই, লোহিত আৰু ৰয়িং জিলাৰ উপায়ুক্তসকলৰ লগতে কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষক তথা দুয়োখন ৰাজ্যৰ একাধিক জ্যেষ্ঠ বিষয়া উপস্থিত থাকে৷