গোলকীয় উষ্ণতা বৃদ্ধিকে ধৰি বহু সমস্যাৰে ভাৰাক্ৰান্ত পৃথিৱীত প্ৰকৃতি ৰক্ষাৰ বাবে আৰম্ভ হৈছে বিভিন্ন ধৰণৰ আন্দোলন৷ বিশ্বৰ বিভিন্ন প্ৰান্তত, আনকি আমাৰ দেশৰো বিভিন্ন ৰাজ্যত চৰকাৰী আৰু বেচৰকাৰী পৰ্যায়ত প্ৰকৃতি ৰক্ষাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছে৷ গছ থাকিলেহে মানুহ থাকিব– এই কথাষাৰ সকলো শিক্ষিত আৰু সংবেদনশীল লোকেই আন্তৰিকতাৰে বিশ্বাস কৰে৷ এই বিশ্বাসৰ বিজ্ঞানসন্মত ভিত্তিও আছে৷ সেইবাবেই উন্নয়নৰ নামত হকে-বিহকে গছ-গছনি কটাটো, প্ৰগতিৰ নামত অৰণ্য ধবংস কৰাটো কোনো সচেতন লোকে কামনা নকৰে৷ অসমৰ মানুহৰো আছে এনেধৰণৰ সংবেদনশীলতা, প্ৰকৃতিপ্ৰেম৷ সেইবাবেই অসমৰ মানুহেও অৰণ্য ধবংসৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি মাত মাতি আহিছে৷ অসমৰ মানুহৰ প্ৰকৃতি ৰক্ষাৰ আন্দোলনত শেহতীয়াভাৱে চামিল হৈছে গোলাঘাটৰ সচেতন, শিক্ষিত আৰু সংবেদনশীল ৰাইজ৷ উল্লেখ্য, গোলাঘাট নগৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে গ্ৰহণ কৰা আঁচনি ৰূপায়ণৰ নামত বহু পুৰণি গছ কাটি পেলোৱা হৈছে৷ গোলাঘাটৰ উন্নয়নৰ অজুহাতত ধবংস কৰা হৈছে প্ৰকৃতি, অৰণ্য৷ আমাক বিদ্যুৎ লাগে, কিন্তু বৃহৎ নদীবান্ধৰ জৰিয়তে লাখ লাখ মানুহক মৃত্যুমুখলৈ ঠেলি দি আমাক বিদ্যুৎ নালাগে– একেই কথা খাটে প্ৰকৃতিৰ ক্ষেত্ৰতো৷ প্ৰকৃততে উন্নয়ন আৰু প্ৰকৃতি ৰক্ষাৰ মাজত ভাৰসমতা ৰক্ষা কৰিব নোৱাৰিলে মানুহৰ বিপদ অনিবাৰ্য৷ এই কথা অসম চৰকাৰ বা গোলাঘাট জিলা প্ৰশাসনেও বুজি পায়৷ কিন্তু বুজিও নুবুজাৰ ভাও ধৰি উন্নয়নমূলক আঁচনিৰ নামত এফালৰ পৰা প্ৰকৃতি ধবংস কৰি গৈছে গোলাঘাট প্ৰশাসনে৷ এশ কোটিটকীয়া নগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজি [চিআইডিএফ]ৰ অধীনত গোলাঘাট নগৰত উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধন আঁচনি ৰূপায়ণ কৰি থকা হৈছে৷ ইয়াৰ বিনিময়ত অপৰিকল্পিত আৰু অবৈজ্ঞানিকভাৱে অৰণ্য ধবংস কৰিছে প্ৰশাসনে, গছ-গছনি কাটি তহিলং কৰিছে৷ গোলাঘাটৰ বহু পুৰণি আৰু মূল্যৱান গছ-গছনি ইতিমধ্যে প্ৰশাসনে কাটি পেলাইছে৷ আক্ষৰিক অৰ্থতে টকলা হৈ পৰিছে গোলাঘাট চহৰ৷ এই সন্দৰ্ভত ৰাইজে বাৰে বাৰে আপত্তি জনোৱা সত্ত্বেও প্ৰশাসনে গুৰুত্ব নিদিয়াত বৃহস্পতিবাৰে স্বতঃস্ফূৰ্তভাৱে প্ৰকৃতি ৰক্ষাৰ দাবীত গোলাঘাটৰ ৰাজপথলৈ ওলাই আহে বহুসংখ্যক লোক৷ এই সচেতন আৰু সংবেদনশীল প্ৰকৃতিপ্ৰেমী লোকসকলে গোলাঘাট চহৰত প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰে৷ গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ ডাঃ প্ৰমোদাভিৰাম দাস পৌৰ উদ্যানৰ সন্মুখত পথৰ দাঁতিত শাৰী পাতি থিয় হৈ বহু সময় ধৰি প্ৰতিবাদ কৰা প্ৰকৃতিপ্ৰেমী ৰাইজে সমস্বৰে কয়– গছ থাকিলেহে মানুহ থাকিব, আমাক উশাহ দিয়া গছক ৰক্ষা কৰক, চৰাই-চিৰিকটিৰ আশ্ৰয়স্থলী গছক বচাওক, গছৰ প্ৰতি নিৰ্দয় নহ’ব, বন ধবংসৰ বিচাৰ লাগে, উন্নয়নৰ নামত পৰিৱেশতন্ত্ৰ ধবংস কৰা কাৰ্য সহ্য কৰা নহ’ব৷ বিভিন্ন শ্ৰেণীৰ লোকৰ এই প্ৰতিবাদত অংশগ্ৰহণ কৰে কেইবাটাও দল-সংগঠনৰ প্ৰতিনিধিয়ে৷ গছে-বনে সেউজীয়া গোলাঘাট চহৰৰ স্মৃতি ৰোমন্থন কৰি আৱেগিক হৈ পৰে প্ৰতিবাদকাৰীসকল৷ বহুজনৰ মুখে মুখে সেই কালজয়ী গীতৰ গুণগুণনি– গছে ক’ব সুধিলে, পাতে ক’ব সুধিলে, পুৰণি পৃথিৱীৰে কথা...৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कीर्ति कोल को विधानपरिषद का उम्मीदवार बनाया सपा,
समाजवादी पार्टी ने विधानपरिषद उपचुनाव में कीर्ति कोल को उम्मीदवार घोषित किया है। कीर्ति कोल जिले...
Google Search Trick: बहुत मजेदार हैं गूगल की ये ट्रिक, Barrel Roll टाइप करते ही घूमने लग जाएगा सर्च पेज
अगर आप गूगल का इस्तेमाल करते हैं और आपने इस ट्रिक का इस्तेमाल नहीं किया है तो आपका गूगल इस्तेमाल...
সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ ২১ তম্ শিৱসাগৰ বহাগী উৎসৱত প্ৰখ্যাত অভিনেতা ৰাজীৱ গোস্বামীলৈ "সমন্বয় শিল্পী সাধনা বঁটা"-২০২৬
শিৱসাগৰত সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ একবিংশতিতম্ শিৱসাগৰ বহাগী উৎসৱ সফলতাৰে সম্পন্ন হয় ৷...
शिवसेनेचा आणि माजी मंत्री जयदत्त क्षीरसागर यांचा आता कोणताही संबंध नाही
बीड- माजी मंत्री जयदत्त क्षीरसागर यांचा आणि शिवसेना उद्धव बाळासाहेब ठाकरे या पक्षाचा कोणताही...
Arjun Kapoor ने Malaika Arora को किया Kiss, Video Viral | वनइंडिया हिंदी |*Entertainment
बॉलीवुड स्टार अर्जुन कपूर (Arjun Kapoor) और मलाइका अरोड़ा( Malaika Arora) अपनी बॉन्डिंग और...