২২ বছৰৰ পাছত কংগ্ৰেছ সভাপতি পদৰ প্ৰতিদ্বন্দ্বিতাই এতিয়া আকৰ্ষণীয় স্থিতি লৈছে৷ প্ৰথমতেই এটা বিষয় স্পষ্ট হৈ পৰিছে– বিৰোধী দলে কৰি থকা মূল দাবীটো এইবাৰ কংগ্ৰেছত কাৰ্যকৰী হ’ব৷ অৰ্থাৎ কংগ্ৰেছৰ সভাপতি গান্ধী পৰিয়ালৰ নহ’ব৷ কিন্তু যিজন সভাপতি হ’ব, তেওঁ গান্ধী পৰিয়ালৰ প্ৰতি নিষ্ঠাবান হ’ব৷ আকৰ্ষণৰ সৃষ্টি তাতেই৷ শশী থাৰুৰে ইতিপূৰ্বে সভাপতি পদৰ প্ৰতিদ্বন্দ্বিতাৰ বাবে মনোনয়ন পত্ৰ নিছে৷ তেওঁ পোনপটীয়া অৰ্থত গান্ধী পৰিয়ালৰ প্ৰকৃত আস্থাভাজন নহয়৷ তেওঁৰ প্ৰতিদ্বন্দ্বী অৰ্থাৎ এজন আস্থাভাজন বিচৰাৰ প্ৰক্ৰিয়া কেতিয়াবাই আৰম্ভ হৈছিল৷ প্ৰাথমিকভাৱে গান্ধী পৰিয়ালে অশোক গেহলটৰ ওপৰত আস্থা প্ৰকট কৰিছিল৷ কিন্তু তেওঁ একেলগে ৰাজস্থানৰ মুখ্যমন্ত্ৰী আৰু কংগ্ৰেছ দলৰ সভাপতি দুয়োটা পদ একেলগে ৰাখিবলৈ দলৰ বিধায়কৰ মাজত বিদ্ৰোহ সৃষ্টি কৰাই হাইকমাণ্ডৰ আস্থা হেৰুৱালে৷ সেয়ে পৰিৱৰ্তিত পৰিস্থিতিত এতিয়া গেহলটৰ স্থান লৈছে দ্বিগ্বিজয় সিঙে৷ খুব সম্ভবতঃ এতিয়া শশী থাৰুৰৰ প্ৰতিদ্বন্দ্বী হ’ব গান্ধী পৰিয়ালৰ নিকট আৰু নিষ্ঠাবান দ্বিগ্বিজয় সিং৷ এই দুই প্ৰাৰ্থীৰ মাজত প্ৰতিদ্বন্দ্বিতা হ’লে দিগ্বিজয় সিঙে দলৰ শীৰ্ষ আসনখন দখল কৰা একপ্ৰকাৰ খাটাং৷ হাইকমাণ্ডৰ আস্থা ঘূৰাই আনিবলৈ ইতিমধ্যে অশোক গেহলটে ছোনিয়া গান্ধীক সাক্ষাত কৰি কথা পাতিছে আৰু নিজৰ স্থিতি জনাইছে৷ এই পৰিস্থিতিত গেহলটে প্ৰতিদ্বন্দ্বিতা কৰা-নকৰাৰ সিদ্ধান্ত নিৰ্ভৰ কৰিছে ছোনিয়া গান্ধীৰ ওপৰত৷ যদিহে ছোনিয়া গান্ধীয়ে গেহলটক অনুমতি নিদিয়ে তেন্তে থাৰুৰ আৰু দ্বিগ্বিজয় সিঙৰ মাজত প্ৰতিদ্বন্দ্বিতা সীমাৱদ্ধ থাকিব৷ কিন্তু অসমৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে বুধবাৰে এই নিৰ্বাচনী উত্তেজনাত প্ৰিয়ংকা গান্ধীৰ নামো অন্তৰ্ভুক্ত কৰি নতুন ইন্ধন যোগাইছে৷ খালেকৰ মতে, প্ৰিয়ংকা গান্ধী ভদ্ৰ বিবাহিত আৰু তেওঁ এতিয়া গান্ধী পৰিয়ালৰ সদস্য নহয়৷ সেয়ে প্ৰিয়ংকাৰ প্ৰতিদ্বন্দ্বিতাও অস্বাভাৱিক নহয়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાજકોટ : વોર્ડ નં.9ના મતદારોનો કેવો છે મિજાજ...? જુઓ ખાસ-ખબર ELECTION EXPRESS
રાજકોટ : વોર્ડ નં.9ના મતદારોનો કેવો છે મિજાજ...? જુઓ ખાસ-ખબર ELECTION EXPRESS
চাংসাৰিত বোৱাৰীৰ আত্মহত্যা
চাংসাৰিত বোৱাৰীৰ আত্মহত্যা #khabar24x7assam
250 ग्राम अवैध मादक पदार्थ गांजा सहित आरोपी मुकेश गिरफ्तार
जिला पुलिस अधीक्षक बून्दी हनुमान प्रसाद द्वारा अवैध मादक पदार्थों की रोकथाम हेतु व मादक...
31 दिसंबर के बाद नहीं कर पाएंगे UPI Payment, करवा ले ये काम वरना ट्रांजेक्शन सर्विस हो जाएगी बंद!
आज कल सभी उम्र के लोग और खासकर युवा कैश रखना बंद कर डिजिटल पेमेंट पर आश्रित हो चुके हैं। ज्यादातर...
Photomath App: आपको परेशान नहीं कर सकेंगे गणित के सवाल, Google का यह ऐप आएगा बड़े काम; बस Scan कीजिए और...
Google ने गणित की प्रॉब्लम को सॉल्व करने के लिए Photomath ऐप पेश की है। यह ऐप गणित की प्रॉब्लम की...