সোণাৰিত প্ৰবুদ্ধ ব্যক্তিৰ সন্মিলন অনুষ্ঠিত

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিন উপলক্ষে দেশ জুৰি পালন কৰি অহা বিভিন্ন কাৰ্যসূচীৰ আধাৰত সোণাৰিস্থিত চাহ কৰ্মচাৰী সংঘৰ কাৰ্যালয়ত সেৱা পষেক কাৰ্যসূচীৰ অংশ স্বৰূপে চৰাইদেউ জিলা ভিত্তিত বিজেপি দলৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত প্ৰবুদ্ধ ব্যক্তিৰ সন্মিলনত আজি অংশগ্ৰহণ কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। এই সন্মিলন উপলক্ষে Modi@20Dreams Meet Delivery নামৰ গ্ৰন্থখন উন্মোচন কৰা হয়। উক্ত সভাত চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, সোণাৰি মহাবিদ্যালয়ৰ প্ৰবক্তা সুনীল দত্ত, সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অবসৰ প্ৰাপ্ত বিষয় শিক্ষক অজিত বৰদলৈ, জিলা বিজেপিৰ সাধাৰণ সম্পাদক অজন্ত বৰুৱা, বিজেপিৰ ৰাজ্যিক সদস্য কাজল দে, দিলীপ কোঁৱৰ, হৰেণ কাকতি, অবিচি বৰ্ডৰ ৰাজেন গগৈ প্ৰমুখ্যে শতাধিক দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে।ৰদক