ৰহা ডিমৌ চাৰিআলি নিবাসী প্ৰয়াত অতুল চন্দ্ৰ ডেকা আৰু বিনু ডেকাৰ সু সন্তান আলোক ডেকাই ইয়াকে প্ৰমান কৰিলে মনত যদি কিবা কৰাৰ হেঁপাহ থাকিলে যে অসম্ভৱকো সম্ভৱ কৰিব পাৰে।

 যোবা ৫বছৰ পূৰ্বে আলোক ডেকাৰ দুয়ো চকুৰ দৃষ্টি হেৰাইগৈছিল কিন্তু আলোকে নিজৰ লক্ষ্য স্থিৰ কৰি একাগ্ৰতাৰে নিজৰ লক্ষ্য পথত আগবাঢ়ি গৈছিল সেইয়ে আজি আলোকে সদ্য ঘোষিত অসম লোকসেৱা আয়োগ পৰীক্ষাত ত সহকাৰী গাননীক বিষয়া ৰুপে ৩৫১ৰেং লৈ সমস্ত ৰহা আঞ্চললৈ গৌৰৱ কঢিয়াই আনিবলৈ সক্ষম হৈছে।

   আলোকৰ এই সফলতাৰ বাবে আজি পূবা ৰ পৰাই ওচৰ চুবুৰীয়া, বন্ধু সকল উপস্থিত হৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই।