হোজাইৰ যোগীজানৰ এজন যুৱক নিৰুদ্দেশ হোৱা ঘটনাই চিন্তিত কৰি তুলিছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজ।
পূজাৰ কাপোৰ কিনিবলৈ গৈ আৰু ঘৰলৈ উভতি নাহিল যোগীজান কান্দুলিমাৰিৰ যুৱক অজয় হৰিজন।
পিতৃহাৰা অজয় হৰিজনক বিচাৰি হাবাথুৰি খাইছে পৰিয়াল।
মাতৃয়ে পুত্ৰক বিচাৰি ঘৰ এৰিছে। ইফালে ভাতৃয়ে হাতত ফটোলৈ বিচাৰি ফুৰিছে অজয়ক।
যোৱা ২ অক্টোবৰত পূজাৰ কাপোৰ কিনিবলৈ গৈছিল অজয় হৰিজন নামৰ যুৱকজন।
ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত যোগীজান আৰক্ষী পহৰা চকীত যুৱকজন নিৰুদ্দেশ হোৱা সন্দৰ্ভত এজাহাৰ দাখিল কৰে পৰিয়ালে।
উল্লেখযোগ্য যে,ফটোত দেখা যুৱকজনক কোনো সদাশয় ব্যক্তিয়ে দেখা পালে আৰক্ষী তথা পৰিয়ালক খবৰ দিবলৈ অনুৰোধ জনায়।