জাতীয় সংগ্ৰামী সেনা অসমৰ ব্যতিক্ৰমী পদক্ষেপ

শাৰদীয় দুৰ্গা পূজা উপলক্ষ্যে মঙ্গলবাৰে জাতীয় সংগ্ৰামী সেনা অসমৰ গোলাঘাট জিলা তথা নগৰ আঞ্চলিক সমিতিৰ উদ্যোগত থুৰাজান চাহ বাগিচা অঞ্চত বসবাস কৰা দৰিদ্ৰ লোক সকলৰ মাজত বিনামূলীয়া বস্ত্ৰ বিতৰণ কাৰ্যসূচীৰ শলাগ লৈছে স্থানীয় ৰাইজে।

যি সময়ত অত্যাধিক মূল্য বৃদ্ধিয়ে খাঁটি খোৱা দৰিদ্ৰ শ্ৰেণীৰ লোকক জুৰুলা কৰি থৈছে তেনে পৰিস্থিতিত জাতীয় সংগ্ৰামী সেনাৰ বিনামূলীয়া বস্ত্ৰ বিতৰণ কাৰ্যসূচীয়ে এই দৰিদ্ৰ লোক সকলক আনন্দিত কৰি তুলিছে।