সোণাৰিৰ চৰাইদেউ মহোৎসৱলৈ মাত্ৰ এটাদিন বাকী ।ইতিমধ্যে ৰাইজৰ ব্যাপক সহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। ব্যাপক জনসমাগমৰ আশংকা কৰি চৰাইদেউ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন নিৰাপত্তাজনিত ব্যৱস্থা নিৰিক্ষণ কৰা পৰিলক্ষিত হৈছে। চৰাইদেউ মহোৎসৱলৈ এটা দিন বাকী থকা অৱস্থাত উদ্‌যাপন সমিতিৰ সভাপতি তথা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াই অৱগত কৰিছে যে দুশৰো অধিক বিপনীয়ে অংশ গ্ৰহন নিশ্চিত কৰিছে। জনগোষ্ঠীয় খাদ্য ৰ বিপনী জনগোষ্ঠীয় সাজপাৰ বিপনী আদি অসমৰ বিভিন্ন ঠাইৰ পৰা মহোৎসৱ থলীত সমবেত হ'ব। চৰাইদেউ বাসীৰ উদ্যোগত আৰু অসম পৰ্য্যটন বিভাগৰ সহযোগত অহা ৭ ৮ আৰু ৯ তাৰিখে তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা চৰাইদেউ মহোৎসৱৰ স্থলীত চৰাইদেউ।জিলা আৰক্ষী অধীক্ষক যুৱৰাজ সিং অতিৰিক্ত আৰক্ষী অধীক্ষক দেৱাশীষ চৌধুৰী উপস্থিত হৈ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ৰ সৈতে নিৰাপত্তা জনিত দিশ সমুহৰ সৈতে আলোচনা কৰে। জলসম্পদ বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকা অসম পৰ্য্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা শক্তি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহন উদ্যোগ আৰু বাণিজ্য বিভাগৰ।মন্ত্ৰী বিমল।বড়া আৰু বহু।কেইজন বিধায়ক উপস্থিত থকাৰ লগতে যোৰহাট লোকসভাসমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ উপস্থিত থাকিব বুলি জনা গৈছে।

Sponsored

ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा

ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं