সমাগত দূৰ্গা পূজাক লৈ প্ৰস্তুতি তুংগত উঠিছে পূজা সমিতিৰ লগতে প্ৰশাসনৰ। পূজাৰ দিন কেইটাত যাতে কোনো ধৰণৰ অপৰাধজনিত ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰবাবে আৰক্ষী প্ৰশাসন সষ্টম হৈ উঠিছে। ৰাজ্যৰ বিভিন্ন প্রান্তৰ দৰে চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষীও তৎপৰ হোৱা পৰিলক্ষিত হৈছে । সমাগত দূৰ্গা পূজাক লৈ অবৈধ সুৰাৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰিছে মৰাণহাট আৰক্ষীয়ে। আজি মৰাণ হিংৰিজান চাহ বাগিচাত আপাৰ টেঙানি লাইনত অভিযান চলাই আৰক্ষীয়ে কেইবাশ লিটাৰ চুলাই নষ্ট কৰাৰ লগতে চুলাই প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী জব্দ কৰে । এই অভিযান প্ৰতিদিনে চলিব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। আনহাতে দেওবাৰে মৰাণহাট আৰক্ষী থানাৰ এলেকাত অভিযান চলাই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছিল।