বঙাইগাঁও বিশেষ ন্যায়িক আদালতে আজি এক ঐতিহাসিক ৰায় প্ৰদান কৰে। শিশু ধৰ্ষণৰ অভিযোগত দোষী সাব্যস্ত হোৱা এজন লোকক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড প্ৰদান কৰে।
পকচো আইনৰ অধীনৰ ৬ ধাৰা অনুসৰি এই ৰায়দান প্ৰদান কৰে বিশেষ আদালতে।
নিউ বঙাইগাঁৱৰ ছবিবৰ ৰহমান (৪০) নামৰ বিবাহিত লোকজনক আদালতে দিয়ে কাৰাদণ্ডৰ এই হুকুম।
এই ৰায়দান সন্দৰ্ভত চৰকাৰী অধিবক্তা ৰীতা চৌধুৰীয়ে জনোৱা অনুসৰি বিগত ২০২১ চনৰ ২০ ছেপ্তেম্বৰত ছবিবৰ ৰহমানে নিউ বঙাইগাঁও এলেকাত সংঘটিত কৰিছিল এই জঘন্য ঘটনা।
এই ঘটনা সংঘটিত হোৱাৰ পিছতে শিশু গৰাকীৰ পৰিয়ালে ছবিবৰৰ বিৰুদ্ধে তৰিছিল গোচৰ আৰু আজি বঙাইগাঁও আদালতৰ সত্যনাথ শৰ্মাৰ বিশেষ ন্যায়িক আদালতে ছবিবৰক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ হুকুম দিয়ে।
কাৰাদণ্ডৰ লগতে ৫০ হাজাৰ টকা জৰিমনাৰো হুকুম দিয়ে আদালতে। জৰিমনা আদায় নিদিলে অপৰাধীজনে আৰু এবছৰ কাৰাবাস খাটিব লাগিব।