প্ৰতিষ্ঠাৰ গৌৰৱোজ্জ্বল ষাঠিটা বৰ্ষ অতিক্ৰম কৰা নদীদ্বীপ মাজুলীৰ উচ্চ শিক্ষাৰ প্ৰথমখন অনুষ্ঠান মাজুলী মহাবিদ্যালয়ে ২০১৬ চনৰ ৮ অক্টোবৰৰ পৰা মহাবিদ্যালয়খনৰ পুথিভঁৰাললৈ গ্রন্থসংগ্ৰহৰ বাবে ৰূপায়ণ কৰি অহা 'গ্ৰন্থদান মহান দান' কাৰ্যসূচীত অংশ গ্ৰহণ কৰি দেশৰ বিভিন্ন প্ৰান্তৰ লোকে মহাবিদ্যালয়ৰ পুথিভঁৰাললৈ দানস্বৰূপে আগবঢ়োৱা গ্ৰন্থৰ সংখ্যা ইতিমধ্যে বাইছ হাজাৰৰ অধিক হৈছেগৈ। এই কার্যসূচীত অংশ গ্ৰহণ কৰি মাজুলী মহাবিদ্যালয়ৰ কৰ্মচাৰী পদ্মেশ্বৰ শইকীয়া আৰু তেওঁৰ পুত্ৰ শইকীয়াই মহাবিদ্যালয়ৰ অতুল চন্দ্ৰ গোস্বামী গ্ৰন্থাগাৰলৈ গ্ৰন্থ ক্ৰয়ৰ উদ্দেশে নগদ বিশ হাজাৰ টকা আগ বঢ়ায়। দাতা কৰ্মচাৰীগৰাকীৰ পৰা দান গ্ৰহণ আৰু তেওঁক কৃতজ্ঞতা জ্ঞাপনৰ উদ্দেশ্যে আজি মহাবিদ্যালয় সভাকক্ষত দিনৰ ১২ বজাৰ পৰা আয়োজিত এখন সভাত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াৰ হাতত দাতা পদ্মেশ্বৰ শইকীয়াই উক্ত ধনৰাশি প্ৰদান কৰে। সভাখনত সভাপতিত্ব কৰি অধ্যক্ষ ডঃ শইকীয়াই মহাবিদ্যালয়খনৰ প্ৰতি কৰ্মচাৰীগৰাকীয়ে প্ৰদৰ্শন কৰা মহনুভৱতা তথা বদান্যতাক বিশেষভাৱে শলাগ লয়। অধ্যক্ষগৰাকীয়ে কয়, পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ দান হৈছে জ্ঞান আৰু সেই জ্ঞানৰ ভঁৰাল হৈছে গ্ৰন্থ ৷এতেকে, গ্ৰন্থ দান কৰাৰ যোগেদি মহাবিদ্যালয়খনৰ দৰিদ্ৰ শিক্ষাৰ্থীৰ উপকাৰ সাধনৰ কথা চিন্তা কৰি পদ্মেশ্বৰ শইকীয়াই এক অত্যন্ত আদৰ্শমূলক কৰ্ম সম্পন্ন কৰিলে। সভাত মহাবিদ্যালয়ৰ শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়া, অধ্যাপক অনিল চন্দ্ৰ হাজৰিকা, প্ৰশান্ত শইকীয়া, মহাবিদ্যালয় অভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক ডঃ দেৱভূষণ বৰা, অধ্যাপিকা গীতাৰাণী গোস্বামী, কৰ্মচাৰী গোটৰ উপদেষ্টা গোবিন বৰুৱা, সভাপতি পদ্মধৰ বৰুৱা, সম্পাদক দীনকান্ত হাজৰিকা, উৎপল বৰুৱা প্ৰমুখ্যে উপস্থিত থকা লোকসকলে বিশিষ্ট ব্যক্তিজনৰ মহানুভৱতাক বিশেষভাৱে প্ৰশংসা কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
स्नेह मिलन समरोह में 38 वर्षों के बाद एक बार फिर से मिले पूर्व छात्र
स्नेह मिलन समरोह में 38 वर्षों के बाद एक बार फिर से मिले पूर्व छात्र
मेहनगर गैगेस्टर में वांछित तीन अभियुक्त गिरफ्तार।
पूर्व की घटना दिनांक 24.03.2023 को उ0नि0 कन्हैया लाल मौर्या मय हमराह द्वारा मुखबीर की सुचना पर...
Following an age-old tradition, Lord Ganapati is welcomed.
Lord Ganpati arrived at Lukshmi Vilas Palace on Ganesh Chaturthi with traditional sound of...
नवरात्रा के दौरान शिव परिवार की प्राण प्रतिष्ठा का आयोजन
कोटा. कनवास क्षेत्र के धुलेट कस्बे में शारदीय नवरात्रि के उपलक्ष में शीतला माता मंदिर पर नवरात्रि...
विना परवाना मटका जुगारावर् शहर पोलिसांचि धाड जुगार खेळविनाऱ्यावर गुन्हा दाखल
विना परवाना मटका जुगारावर् शहर पोलिसांचि धाड जुगार खेळविनाऱ्यावर गुन्हा दाखल