আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ হোৱা ৮ গৰাকী পি এফ আইৰ সদস্যক ৫ দিনৰ আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰিছে। 

আৰক্ষীয়ে ১৪ দিনৰ বাবে জিম্মাত বিচাৰিছিল। 

ইফালে আৰক্ষীয়ে আটক কৰা এজন সদস্য পি এফ আই সদস্য নহয় বুলি জানিব দিয়ে।

তেঁওক কামৰূপ গ্ৰাম্যৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। আব্দুল ৰাজ্জাক নামৰ লোকজনৰ কোনো সৰ্ম্পক নাই সংগঠনৰ লগত।

সদস্য কেইজনৰ পৰা মোবাইল আৰু কিছু নথি পত্ৰ জব্দ কৰি আদালতত দাখিল কৰিছে আৰক্ষীয়ে। 

ভাৰতীয় দণ্ড বিধিৰ 120(B),124(A)/153(A)/353 ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।