সাঁত বছৰীয়া শিশু তিনিঘন্টা ধৰি ভেলৌ গছৰ দালত ! কিন্তু কিয় ? 

পুৱাৰ পৰা নিৰুদ্দেশ মাজুলীৰ হুকুনামুখৰ এটি সাঁত বছৰীয়া কনমানি 

পতীয়া অঞ্চলৰ হুকুনামুখ ত চাঞ্চল্য ,

পুৱা ৯ বজাৰ পৰা সন্ধানহীন এই সাঁত বছৰীয়া শিশুটিক বিছাৰি গাৱঁৰ আৱাল, বৃদ্ধ ,বনিতাৰ মাজত হাঁহাকাৰ পৰিৱেশ ৷

গাঁওখনত হুলস্থূলীয়া পৰিৱেশ ,চেপা উত্তেজনা ৷

কত হেৰাল হুকুনামুখৰ কুলামনি পায়ুন আৰু তৰুমতি পায়ুনৰ সাঁত বছৰীয়া পুত্ৰ অৰুপ পায়ুন ( বুলবুল) 

পথৰ কাষত খেলি থকাৰ পৰা হথাৎ সন্ধনহীন শিশুজন ৷

খবৰ দিয়া হল মাজুলী আৰক্ষীক আৰক্ষীয়েও আৰম্ভ কৰিলে প্ৰাৰম্ভিক তদন্ত : গাঁও খনৰ ইজন সিজনৰ পৰা আৰক্ষীয়ে ষ্টেটমেণ্ট লোৱাও আৰম্ভ কৰিলে ৷

লোকে লোকাৰণ্য কুলামনিৰ গৃহৰ চৌপাশ 

সাংবাদিকো আহি উপস্থিত ৷ মাজুলীত মাৰ যোৱা নাই সোপা ধৰাৰ আতংক , কিজানি এটা হিত নিউজ হয়েই ৷ আৰম্ভ হৈছে ভিডিঅ সংগ্ৰহ , ইজন সিজনক সুধা হৈছে ঘটনাৰ বিবৰণ 

বিভিন্ন জনৰ বিভিন্ন মত , কোনোৱে যদি পথৰ কাষত খেলি থকা দেখিছিল , কোনোৱে কাৰোবাৰ ঘৰত টিভি চাবলৈ যোৱাও দেখিছিল ৷

তাতে আকৌ দুই এজনে কোনোবা এজনৰ বাইকত উঠি ভটিয়াই ফালে যোৱাও দেখিছে 

মুুুঠৰ ওপৰত কনমানি অৰুপৰ নিৰুদ্দেশক লৈ চিন্তিত সকলো ৷ 

আৰক্ষীও ব্যস্ত সোধাপোচা আৰু তদন্তত , কত হেৰাব পাৰে কোনমানিটো ?

 আৰক্ষীয়েও নিজৰ দায়িত্ব সামৰি ঘটনাস্থলীৰ পৰা যাবলৈ ওলাইছে 

সাংবাদিকো সাজু হৈছে বাতৰি বজাবলৈ তেনেতে এগৰাকী বৃদ্ধাৰ চিঞৰ 'বুলবুল' এইটো ৷

 উপস্থিত সকলোৰে পুনৰ দৌৰাদৌৰি ঘৰৰ কাষৰে ভেলৌ গছ এজোপাত উঠি কান্দি আছে কনমানিটোৱে ৷ 

গাঁৱৰ এজনে গৈ নমাই আনিলে বুলবুলক 

ৰক্ষা পৰিল বিপদৰ , পৰিৱেশ হল শান্তি ,

অন্তপৰিল তিনিঘন্টা জোৰা উৎকন্থাৰ ৷