সোণাৰিত বহু চৰ্চিত বোলছবি "ব্ৰীজ"ৰ পৰিচালক আৰু মুখ্য অভিনেত্ৰীৰ সৈতে মুখামুখি অনুষ্ঠান সম্পন্ন

শাৰদীয় বাতৰি ৩০ ছেপ্টেম্বৰ ৰাজ্যৰ ৪৫টা ছবিগৃহত মুক্তি লাভ কৰিব ইতিমধ্যে একাধিক ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত বহুচর্চিত চলচ্চিত্ৰ "ব্ৰীজ"। এখন নৈপৰীয়া গাঁওৰ অভাৱ অভিযোগ সমূহক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা চলচ্চিত্ৰখনৰ প্ৰচাৰৰ বাবে আজি সোণাৰিত আহি উপস্থিত হয় ইয়াত পৰিচালক কৃপাল কলিতা, ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী শিৱাৰাণী কলিতা প্ৰমুখ্যে ছবিখনৰ অন্যান্য কলা কুশলী সকল। এই উপলক্ষে সোণাৰিৰ একমাত্ৰ ছবিগৃহ কল্পনা ছবিগৃহত এক মুখামুখি অনুষ্ঠানৰ আয়োজন কৰা হয়। সোণাৰিৰ যথেষ্ট সংখ্যাক গণ্যমান্য ব্যক্তি, শিল্পী, সাংবাদিকৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত ব্ৰীজৰ পৰিচালক কৃপাল কলিতা আৰু অভিনেত্ৰী শিৱাৰাণী কলিতাই ছবিখনৰ বিষয়ে বিবৰী কয়। অনুষ্ঠানত দুয়োগৰাকীক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।