যোৱা ১৭ চেপ্তেম্বৰ তাৰিখে কাকপথাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জ্যোষ্ঠ চিকিৎসক ডা° টিকেন্দ্ৰজিত শৰ্মাক কোনো দূৰ্বৃত্তই কৰ্তব্যৰত অৱস্থাত শাৰিৰীক ভাবে আক্ৰমণ কৰাৰ ঘটনাৰ পাছত সমগ্ৰ কাকপথাৰৰ লগতে তিনিচুকীয়া জিলাখনতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ চিকিৎসক গৰাকীয়ে আৰক্ষী থানাতো ইতিমধ্যে এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ৷ দূখীক কৰায়ত্ত কৰিবলৈ চিকিৎসক সকলৰ লগতে চিকিৎসা কৰ্মী আৰু বিভিন্ন দল সংগঠনে দাবী জনাইছে ৷ এই ঘটনাৰ আজি দুটা দিন উকলিবলৈ হ’ল যদিও পলাতক অৱস্থাত থকা দূৰ্বৃত্তক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই ৷ ইয়াৰ প্ৰতিবাদত কাকপথাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লগতে বৰ ডিৰাক ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক আৰু চিকিৎসা কৰ্মী সকলে কলা বেজ , হাতে হাতে প্লেকাৰ্ড লৈ কৰ্মবিৰতি পালন কৰিছে ৷ এই কাৰ্যসূচীত উপস্থিত থাকে তিনিচুকীয়া জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ৷ চিকিৎসক আৰু চিকিৎসা কৰ্মী সকলৰ এই প্ৰতিবাদী কাৰ্যসূচীক সহযোগীতা আগবঢ়াই তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে AJYCP  তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববীয়া আৰু কাকপথাৰ আঞ্চলিক মৰাণ ছাত্ৰ সন্থাই ৷ শীঘ্ৰেই দূখীক কৰায়ত্ত কৰাৰ দাবী জনায় চিকিৎসক , চিকিৎসা কৰ্মী সকলৰ লগতে দল সংগঠনৰ বিষয়ববীয়াই ৷