চৰাইদেউত উপায়ুক্তৰ দ্বাৰা পোষণ ৰথৰ ফ্লেগ অফ কাৰ্যসূচী সম্পন্ন

পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় পোষণ মাহ-২০২২ৰ লগত সংগতি ৰাখি জিলা পৰ্যায়ত অনুষ্ঠিত হোৱা বিভিন্ন কাৰ্যসূচীৰ লগতে আজি গুৱাহাটীৰপৰা প্ৰেৰণ কৰা তিনিখনকৈ ৰথৰ ফ্লেগ অফ কৰে চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই। উপায়ুক্ত কাৰ্যালয়ৰ পৰা ফ্লেগ অফ কৰি দিয়া বক্তব্যত উপায়ুক্ত বৰুৱাই কয় যে, "চাহ-বাগিছা অধ্যুষিত অঞ্চলসমূহত পুষ্টি সম্পৰ্কে সজাগ কৰাটো বৰ্তমান সময়ত অতিকৈ প্ৰয়োজন। পোষণ মাহত আয়োজন কৰা সজাগতামূলক কাৰ্যসূচীসমূহে নিশ্চিতভাৱে ৰাইজক উৎসাহিত কৰিব।" উল্লেখযোগ্য যে পুষ্টি ৰথ, মাতৃ ৰথ আৰু শক্তি ৰথ নামেৰে নামাংকন কৰা তিনিওখন ৰথেই চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ বিভিন্ন কাৰ্যসূচীক প্ৰতিফলিত কৰি জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি ক

পোষণ অভিযানৰ জিলা সমন্বয়ক দ্বীপেন বৰুৱাই আঁত ধৰা আজিৰ কাৰ্যসূচীত সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া জাহ্নৱী গোস্বামী, প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ জিলা কাৰ্যক্ৰম সমন্বয়ক নৱজ্যোতি গগৈ, অভয়পুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ কনিষ্ঠ সহায়ক সুজিত তাপাদাৰ, মুখ্য সেৱিকাদ্বয় অনামিকা গগৈ আৰু চান্দমণি বৰ্মনৰ লগতে অংগনবাড়ী কৰ্মী-সহায়িকাসকলে অংশগ্ৰহণ কৰে। জিলা পৰ্যায়ৰ এই কাৰ্যসূচীৰ পাছতেই আজি তিনিওখন ৰথ অভয়পুৰ আৰু সাপেখাতী শিশু উন্নয়ন প্ৰকল্পলৈ প্ৰেৰণ কৰা হয়।