ৰাজগড় কৰম ভৱনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হব কৰম সন্মিলন।  আদিবাসী সমাজ সমূহ আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ টিংখাঙ আঞ্চলিক সমিতিৰ , আদিবাসী মহিলা সমিতিৰ উদ্যোগত আৰু টিংখাঙ বাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হব ১৭ আৰু ১৮ ছেপ্তেম্বৰত কৰম সন্মিলন।  কিছু সংখ্যক লোকে এই কৰম সন্মিলন অনুষ্ঠিত কৰাক লৈ এক অপপ্ৰচাৰ কৰিছে।  কিন্ত  ৰাজগড়ত কৰম ভৱন অনুষ্ঠিত হব লগা কৰম সন্মিলন পুবৰ নিৰ্ধাৰিত কাৰ্যসূচী মতে অনুষ্ঠিত হব বুলি উদ্যোগতা সকলে মৰাণত  সংবাদ মাধ্যম আগত কয়। আছাৰ কেন্দ্ৰীয় সমিতিৰ পৰামৰ্শ আৰু অনুমতি লৈ এই কৰম সন্মিলন অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে বুলি জানিবলৈ দিযে উদ্যোগতা সকলে ।