দক্ষিণ কামৰূপৰ সোণতলীৰ পুৰাণকুচিয়াত এক অঘটন সংঘটিত হৈছে৷ পানীত পৰি এটি তিনি বছৰীয়া শিশুৰ মৃত্যু হোৱাৰ কেন্দ্ৰ কৰি তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

জানিব পৰা মতে পৰিয়ালৰ অজ্ঞাতে ওচৰৰ পুখুৰীত পৰি নিৰুদ্দেশ হয় শিশুটি৷

শিশুটিক বিচাৰি নোপোৱাত পৰিয়ালৰ লোকে বিচাৰ কৰে। লগে লগে স্থানীয় ৰাইজে শিশুটিক উদ্ধাৰ কৰি ততাতৈয়াকৈ সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়।

চিকিৎসকে পৰীক্ষা-নিৰীক্ষা কৰি শিশুটি মৃত্যু বুলি ঘোষণা কৰে৷

মৃত শিশুটি পুৰাণকুচিয়াৰ আশ্ৰফ আলীৰ পুত্ৰ ইলিয়াচ আলী (৩) বুলি জানিব পৰা গৈছে৷