কেন্দ্ৰীয় কেবিনেটে ৫ ৰাজ্যৰ ১২ জনগোষ্ঠীক দিয়া জনজাতিৰ তালিকাত অসমৰ
ছয় জনগোষ্ঠীৰ নাম নথকাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে দল-সংগঠন সমূহে। অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্য্যদা প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ দল-সংগঠন সমূহ। অসমৰ ছয় জনগোষ্ঠীয়ে বহু বছৰ ধৰি প্ৰতিবাদ কৰাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে জনজাতিৰ মৰ্য্যদা প্ৰদান নকৰাক লৈ আজি ডিব্ৰুগড় জিলাৰ  টিংখাঙৰ ঔফুলিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে কয়, অসমৰ ছয় জনগোষ্ঠীক জনজাতি কৰা কথাটো বিজেপিৰ বাবে ৰাজনৈতিক হাথিয়াৰ । কেন্দ্ৰীয় চৰকাৰে ৫ ৰাজ্যৰ ১২ জনগোষ্ঠীক  জনজাতিৰ মৰ্য্যদা প্ৰদান কৰি অসমৰ ছয় জনগোষ্ঠীক এই মৰ্য্যদা নিদিয়া কথাটোৱে দিল্লীৰ অসমৰ প্ৰতি থকা দৃষ্টি ভংগী আকৌ এবাৰ ৰাইজৰ আগত উদঙাই দিলে । সভাপতি গৰাকীয়ে অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্য্যদা প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰি লগতে কয়, কেন্দ্ৰীয চৰকাৰে অসমৰ ৰাইজক প্ৰতিশ্ৰুতিত দিয়া অনুসৰি অসম চুক্তি ৬ নং দফা কাৰ্যকৰী কৰক অতি শীঘ্ৰে।