দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭২ সংখ্যক জন্ম দিনৰ উপলক্ষে টিংখাং সমষ্টিৰ অন্তৰ্গত টিংখাং উন্নয়ন খণ্ডৰ এলেকাত " অমৃত সৰোবৰ " আচনিৰ অধীনত নিৰ্মাণ হবলগীয়া পাঁচ খন অমৃত সৰোবৰ আচনিৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰে মন্ত্ৰী বিমল বৰাই। এই শুভাৰম্ভণি অনুষ্ঠানত ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগু ,টিংখাং ৰাজহ চক্ৰ বিষয়া কৌস্তভ কলিতা,টিংখাং উন্নয়ন খণ্ডৰ বিষয়া তাপশ্ৰী দেৱনাথৰ লগতে পঞ্চায়তৰ সভাপতি/ সভানেত্ৰীৰ লগতে বিষয়ববীয়া সকল উপস্থিত থাকে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ অসমতে ২,৬২৫ টা অমৃত সৰোবৰৰ কাম আৰম্ভ হৈছে । টিংখাঙত সৰ্বমুঠ ১১ টা অমৃত সৰোবৰৰ কাম আৰম্ভ হৈছে ৷