অগপৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ দৰং জিলা সমিতি গঠন।মঙ্গলদৈ, ১৪ জুলাইঃ অসম গণ পৰিষদৰ দৰং জিলা সমিতিৰ কাৰ্যালয়ত অগপৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ দৰং জিলা সমিতিখন আজি গঠন কৰা হয়। জিলা সমিতিৰ সভাপতি কমলেশ্বৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত কৃষক সভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক হবিবৰ ৰহমানে অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই আগবঢ়োৱা কেইবাটাও অভিলাখী আঁচনিৰ কথা কৃষক ৰাইজ আগত অৱগত কৰাৰ উপৰিও এইসমূহ আঁচনিৰ পৰা যাতে প্রকৃত কৃষক বঞ্চিত নহয় তাৰ ওপৰত চোকা নৰজৰ ৰাখিবলৈ অগপৰ দলীয় নেতা-কর্মী সকল আহ্বান জনায়। দৰং জিলা সমিতিৰ সাধাৰণ সম্পাদক স্বৰাজ ডেকাই আঁত ধৰা অনুষ্ঠানটিত শতাধিক কৃষক ৰাইজে অংশগ্রহণ কৰে। উল্লেখ্য যে দৰংত অগপৰ হেৰুৱা সাংগঠনিক ভেটি পুনৰ উদ্ধাৰ বাবে অসম কৃষক পৰিষদৰ দৰং জিলা সমিতিখন ন ৰূপত গঠন কৰা হয়। মঙ্গলদৈৰ সৰবৰাহী শিক্ষিত যুৱক ফাইজুল হকক সভাপতি, বাপুকণ নাথক উপ সভাপতি আৰুনজৰুল আলমক সম্পাদক হিচাপে লৈ এখন ৩১ জনীয়া শক্তিশালী কমিটি গঠন কৰে। উল্লেখযোগ্য যে দৰঙত অগপৰ জিলা সভাপতি কমলেশ্বৰ বৰুৱাৰ নেতৃত্বত পুনৰ উথানৰ বাবে তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मुसीबत में मदद को आगे आए हाथ युवा नेता का साथ
नैनवां।वार्ड 15 में जल भराव के कारण लोगों को परेशानियों का सामना करना पड़ रहा है।लोगों को...
અમદાવાદના મેમનગર વિસ્તારના બસ સવાર-સવારમાં એકાએક BRTS બસમાં આગ લાગી. હતી.#gujarat_geeta_news_
અમદાવાદના મેમનગર વિસ્તારના બસ સવાર-સવારમાં એકાએક BRTS બસમાં આગ લાગી. હતી.#gujarat_geeta_news_
दसरा मेळाव्याबाबतच्या निर्णयानंतर शिवसेना कार्यकर्त्यांचा मातोश्रीबाहेर जल्लोष | Mumbai
दसरा मेळाव्याबाबतच्या निर्णयानंतर शिवसेना कार्यकर्त्यांचा मातोश्रीबाहेर जल्लोष | Mumbai
Reliance-Disney Merger News | TV और Digital की सबसे बड़ी Deal, JV में ₹11,500 Cr निवेश करेगी RIL
Reliance-Disney Merger News | TV और Digital की सबसे बड़ी Deal, JV में ₹11,500 Cr निवेश करेगी RIL
জোনাইত যুৱ কংগ্ৰেছৰ
ৰাষ্ট্ৰীয় নিবনুৱা দিৱস পালন
বিজেপিয়ে দেশ প্ৰধান মন্ত্ৰী হে হব দ্বিতীয় নৰেন্দ্ৰ মোডীৰ জন্মদিন সপ্তাহজোৰা কাৰ্যসূচীৰে...