ৰাজ্যসভাৰ এগৰাকী প্ৰাক্তন সাংসদৰ পুত্ৰই শুকুৰবাৰে গুৱাহাটীত আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
নিহত লোকজন অসমৰ প্ৰাক্তন সাংসদ তিলক গগৈৰ পুত্ৰ ধ্ৰুৱ গগৈ বুলি চিনাক্ত কৰা হৈছে।
উল্লেখ্য যে তিলক গগৈয়ে কংগ্ৰেছ দলৰ পৰা ১৯৭৭ চনৰ পৰা ১৯৮০ চনলৈ ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
জানিব পৰা মতে, ধ্ৰুৱ গগৈয়ে গুৱাহাটীৰ ৰুক্মিণীগাঁৱৰ নিজৰ এপাৰ্টমেণ্টত পিষ্টলেৰে নিজকে গুলীয়াই আত্মহত্যা কৰে।
ধ্ৰুৱ গগৈ আছিল ৰুক্মিণীগাঁওস্থিত এখন অট’ম’বাইল দোকানৰ মালিক৷ তেওঁ চৰম পদক্ষেপ লোৱাৰ কাৰণ এতিয়া জানিব পৰা হোৱা নাই।
ইফালে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।