উজনি মাজুলীৰ ফুলনি অঞ্চলত সংগীতৰ ক্ষেত্ৰ খনত ছাত্ৰছাত্ৰী সকলক আগুৱাই নিয়াৰ বাবে ২০১৯ চনত স্থাপন হোৱা আৰোহণ সংগীত একাডেমিৰ আজি অভিভাৱক সন্মিলন অনুষ্ঠিত হয় ৷ আজি বিয়লি এক বজাৰ পৰা শুভাৰম্ভ হোৱা সভা খনৰ বন্তি প্ৰজ্বলন কৰে লাহৰী মেধীয়ে ৷ অভিভাৱক সন্মিলন খন ছাত্ৰছাত্ৰী সকলে বৰগীত পৰিৱেশন কৰি মঞ্চৰ শুভ উদ্ধোধন কৰে ৷ আৰোহণ সংগীত একাডেমিৰ পৰিচালিকা পিংকুমনি বৰাই আট ধৰা সভাৰ সভাপতিত্ব কৰে কবি জয়ন্ত হাজৰিকাই ৷ সভাত নিদিষ্ট বক্তাৰ ভাষনত জেংৰাইমুখ মহাবিদ্যালয়ৰ প্ৰবক্তা বিনোদ দাস আৰু শিক্ষক হেমকুমাৰ মিলিয়ে সংগীত বিদ্যালয় খনে অঞ্চলৰ ছাত্ৰছাত্ৰী সকলক কৰা উপকাৰৰ ওপৰত মন্তব্য কৰে ৷ সভাত বিশিষ্ট ব্যক্তি হিচাপে থাকি ভাষন ৰাখে ৰাজিব শইকীয়া , বিপুল বৰা আৰু সদৌ গোৰ্খা সন্মিলনৰ ৰাজ্যিক সাধাৰণ সম্পাদক মনিকুমাৰ নেৱাৰে ৷ এই সভাতেই একাডেমী খনৰ নতুন পৰিচালনা সমিতিত ডাক্তৰ মানিক মিলি , ৰাজিব শইকীয়া , মনিকুমাৰ নেৱাৰ , পদ্ম শইকীয়া ,বিনোদ দাস , দ্বীজেন শইকীয়াক উপদেষ্টা , জয়ন্ত হাজৰিকাক সভাপতি , পিংকুমনি বৰাক সম্পাদিকা , মনিষা মেধিক সহ সম্পাদিকা আৰু আৰোহণ সংগীত একাডেমীৰ অভিভাৱক সকলক লৈ নতুন সমিতি খন গঠন কৰা হয় ৷ সভা খনত বিভিন্নজন ছাত্ৰছাত্ৰীৰ সংগীত পৰিৱেশনে উপস্থিত সকলোকে আপ্লুত কৰে ৷ সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই লেখিকা কৃষ্ণ মেধীয়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Bank Of India Q2 Results Impact | अच्छे नतीजों के बाद आगे की Growth Outlook पर CEO संग चर्चा
Bank Of India Q2 Results Impact | अच्छे नतीजों के बाद आगे की Growth Outlook पर CEO संग चर्चा
भाजपा राष्ट्रीय अध्यक्ष JP Nadda से पूर्व महिला क्रिकेटर मिताली राज ने तेलंगाना में मुलाकात की
भाजपा राष्ट्रीय अध्यक्ष श्री J.P.Nadda से पूर्व महिला क्रिकेटर मिताली राज ने तेलंगाना में मुलाकात की
NCP Crisis: शिवसेना (यूबीटी)-कांग्रेस ने बुलाई अपने विधायकों की बैठक; नए दफ्तर का उद्घाटन करेंगे अजित पवार
नई दिल्ली, महाराष्ट्र में शिवसेना के बाद एनसीपी में भी फूट पड़ गई है। भतीजे अजित चाचा शरद...
Gujarat Election 2022 : કોંગ્રેસના વધુ એક ધારાસભ્ય જોડાયા ભાજપમાં, જુઓ વીડિયો
Gujarat Election 2022 : કોંગ્રેસના વધુ એક ધારાસભ્ય જોડાયા ભાજપમાં, જુઓ વીડિયો