যোৰহাটৰ মুৰমুৰীয়াত দেওবাৰে পুৱাই যি পথ দুৰ্ঘটনা সংঘটিত হৈছিল সেই দুঘটনাৰ ২ জনকৈ লোকে প্ৰাণ হেৰুৱাইছে। স্কুটী আৰু মটৰচাইকেলৰ মাজত সংঘটিত হোৱা মুখামখি সংঘৰ্ষৰ ফলতে সংঘটিত হৈছিল এই পথ দুৰ্ঘটনা। দুয়োপক্ষৰে এজনকৈ লোকে মৃত্যুক আঁকোৱালি লৈছে এই দুৰ্ঘটনাত। মৃত দুয়োজন লোক ক্ৰমে মৰিয়নী নিজৰাপাৰৰ সত্যজিৎ বৈৰাগী আৰু যোৰহাট লিচুবাৰীৰ RK পথৰ নিৱাসী সাগিৰ আহমেদ।

আহত মৰিয়নীৰ ৰাজ গুৰুঙ আৰু হানিফা ৰহমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাই তাৰে এজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।আহত দুয়োৰে অৱস্থা অতি সংকটজনক ।

পালছাৰ বাইকখনে মৰিয়নীৰ পৰা যোৰহাট অভিমুখে গৈ থকা আৰু যোৰহাট পৰা মৰিয়নী অভিমুখে আহি থকা স্কুটীৰ মাজত মুৰমুৰীয়া সংঘটিত হৈছিল এই দুৰ্ঘটনা।