চৰাইদেউ জিলা দবা খেলুৱৈ বাছনি প্ৰতিযোগিতা সম্পন্ন

চৰাইদেউ জিলা দবা সন্থাৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা জিলা দবা খেলুৱৈ বাছনি প্ৰতিযোগিতাখনৰ আজি সামৰণি পৰে। সোণাৰিৰ লিটোল এঞ্জেল স্কুলত অনুষ্ঠিত হোৱা প্ৰতিযোগিতা খনৰ অন্তত এক বঁটা বিতৰণি সভা অনুষ্ঠিত হয়। চৰাইদেউ জিলা দবা সন্থাৰ সাধাৰণ সম্পাদক যতীন চেতিয়াই আঁতধৰা বঁটা বিতৰণি সভাত সন্থাৰ সভাপতি ধীৰেন চেতিয়া, ক্ৰীড়া পেঞ্চনাৰ তথা প্ৰতিযোগিতা খনৰ মুখ্য আৰবিটাৰ মাণিক দত্ত, সহকাৰী আৰবিটাৰ প্ৰীতিমা চাংমাই আৰু সাংবাদিক মৃত্যুঞ্জয় দাসে বিভিন্ন বয়স ভিত্তিক বিজয়ী প্ৰতিযোগী সকলৰ মাজত বঁটা আৰু মানপত্ৰ প্ৰদান কৰে।