চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ সদ্য বিদায়ী সহকাৰী উপ-পৰিদৰ্শক (যান-বাহন) মইনুল ইছলাম কৰ্ম সূত্ৰে বদলি হোৱাত ১১ ছেপ্টেম্বৰত তেখেতক বিদায়ী সম্বৰ্দ্ধনা জ্ঞাপনৰ উদ্দেশ্যে কচুমাৰি খনিকৰ গাঁওৰক্ষী বাহিনীয়ে এক অনুষ্ঠানৰ আয়োজন কৰে৷ সাংবাদিক দীপমজ্যোতি বৰুৱাৰ বাসগৃহত সেইদিনা সন্ধিয়া আয়োজিত এই অনুষ্ঠানটোত বিদায়ী সহকাৰী উপ-পৰিদৰ্শকগৰাকীৰ লগতে মৰাণহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অতুল পাটৰ, মৰাণহাট থানাত নতুনকৈ যোগদান কৰা উপ-পৰিদৰ্শক ময়ুৰীপংখী ৰাজবংশীৰ লগতে গাঁওৰক্ষী বাহিনীৰ কৰ্মকতাসকল উপস্থিত থাকে৷ বিদায়ী আৰক্ষী বিষয়াগৰাকীক গাঁওৰক্ষী বাহিনীয়ে ফুলাম গামোচা, চেলেং চাদৰ আৰু সম্বৰ্দ্ধনা পত্ৰৰে বিদায় সম্বৰ্দ্ধনা জ্ঞাপন কৰে৷ আনহাতে বিদায়ী আৰক্ষী বিষয়াগৰাকীয়ে মৰাণহাট আৰক্ষী থানাত নিয়োজিত হোৱাৰ সময়ছোৱাত লাভ কৰা বিচিত্ৰ অভিজ্ঞাসমূহ ৰোমন্থন কৰি অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনক ৰাইজৰ লগতে গাঁওৰক্ষী বাহিনীক যৎপৰোনাস্তি সহযোগ কৰিবলৈ আহ্বান জনায়৷ উল্লেখ্য যে, এগৰাকী নিষ্ঠাৱান আৰু কৰ্তব্যৰ ক্ষেত্ৰত কোনোদিনে গাফিলতি নকৰা মইনুল ইছলামে মৰাণহাট আৰক্ষী থানাত যোগদান কৰিয়েই অতি আন্তৰিকতাৰে নিজৰ দায়িত্ব পালন কৰাত সকলোৰে মাজত ‘ইছলাম ছাৰ’ হিচাপে পৰিচিত হৈ পৰিছিল৷ নিজৰ দায়িত্ব আৰু কৰ্তব্য সঠিকভাৱে পালন কৰাৰ উপৰিও সংগীত তথা সাহিত্যৰ ক্ষেত্ৰখনতো তেখেতে কাম কৰি অঞ্চলটোত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Farmers Protest: 'Delhi चलो' विरोध मार्च के मद्देनजर गाजीपुर सीमा पर किए गए कड़े सुरक्षा | Aaj Tak
Farmers Protest: 'Delhi चलो' विरोध मार्च के मद्देनजर गाजीपुर सीमा पर किए गए कड़े सुरक्षा | Aaj Tak
মৰাণহাটত বিজেপি আৰু মিত্ৰদলৰ গুৰুত্বপূৰ্ণ নিৰ্বাচনী বৈঠকত উপস্থিত থাকে কেবিনেট মন্ত্ৰী যোগেন মহন।
শুকুৰবাৰে চৰাইদেউ জিলাৰ মৰাণহাট জ্যোতিপুৰত অৱস্থিত মাহমৰা সমষ্টিৰ বাজপেয়ী ভৱনত ভাৰতীয় জনতা পাৰ্টি...
સમુદ્ર કિનારે વધુ એક ફિશિંગ બોટ ખેંચાઈ આવી
સમુદ્ર કિનારે વધુ એક ફિશિંગ બોટ ખેંચાઈ આવી
গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান, দৰং ত মীন পালনৰ প্ৰশিক্ষণ সম্পূৰ্ণ
মঙ্গলদৈ : ২৯/০৯/২০২২-# ক্ৰমবৰ্ধমান নিবনুৱা সমস্যা দূৰীকৰণৰ বাবে চৰকাৰ আৰু বেংকৰ যৌথ উদ্যোগত...
Dangerous Jump
দলগাঁৱৰ বটাবাৰী চুইছ গেটত ভয়ংকৰ দৃশ্য। যিকোনো মূহুৰ্তত সংঘটিত হ'ব পাৰে অঘটন। কণ কণ শিশুৱে চুইছ...