চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ সদ্য বিদায়ী সহকাৰী উপ-পৰিদৰ্শক (যান-বাহন) মইনুল ইছলাম কৰ্ম সূত্ৰে বদলি হোৱাত ১১ ছেপ্টেম্বৰত তেখেতক বিদায়ী সম্বৰ্দ্ধনা জ্ঞাপনৰ উদ্দেশ্যে কচুমাৰি খনিকৰ গাঁওৰক্ষী বাহিনীয়ে এক অনুষ্ঠানৰ আয়োজন কৰে৷ সাংবাদিক দীপমজ্যোতি বৰুৱাৰ বাসগৃহত সেইদিনা সন্ধিয়া আয়োজিত এই অনুষ্ঠানটোত বিদায়ী সহকাৰী উপ-পৰিদৰ্শকগৰাকীৰ লগতে মৰাণহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অতুল পাটৰ, মৰাণহাট থানাত নতুনকৈ যোগদান কৰা উপ-পৰিদৰ্শক ময়ুৰীপংখী ৰাজবংশীৰ লগতে গাঁওৰক্ষী বাহিনীৰ কৰ্মকতাসকল উপস্থিত থাকে৷ বিদায়ী আৰক্ষী বিষয়াগৰাকীক গাঁওৰক্ষী বাহিনীয়ে ফুলাম গামোচা, চেলেং চাদৰ আৰু সম্বৰ্দ্ধনা পত্ৰৰে বিদায় সম্বৰ্দ্ধনা জ্ঞাপন কৰে৷ আনহাতে বিদায়ী আৰক্ষী বিষয়াগৰাকীয়ে মৰাণহাট আৰক্ষী থানাত নিয়োজিত হোৱাৰ সময়ছোৱাত লাভ কৰা বিচিত্ৰ অভিজ্ঞাসমূহ ৰোমন্থন কৰি অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনক ৰাইজৰ লগতে গাঁওৰক্ষী বাহিনীক যৎপৰোনাস্তি সহযোগ কৰিবলৈ আহ্বান জনায়৷ উল্লেখ্য যে, এগৰাকী নিষ্ঠাৱান আৰু কৰ্তব্যৰ ক্ষেত্ৰত কোনোদিনে গাফিলতি নকৰা মইনুল ইছলামে মৰাণহাট আৰক্ষী থানাত যোগদান কৰিয়েই অতি আন্তৰিকতাৰে নিজৰ দায়িত্ব পালন কৰাত সকলোৰে মাজত ‘ইছলাম ছাৰ’ হিচাপে পৰিচিত হৈ পৰিছিল৷ নিজৰ দায়িত্ব আৰু কৰ্তব্য সঠিকভাৱে পালন কৰাৰ উপৰিও সংগীত তথা সাহিত্যৰ ক্ষেত্ৰখনতো তেখেতে কাম কৰি অঞ্চলটোত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વડાપ્રધાન ફરી ગુજરાતની મુલાકાતે આવશે
#buletinindia #gujarat #anand
Israel Hamas conflict: इजराइल ने हमास पर जवाबी हमला, डर से भागे आतकी!| Breaking
Israel Hamas conflict: इजराइल ने हमास पर जवाबी हमला, डर से भागे आतकी!| Breaking
ગાંધીનગરમાં સીએમ ભૂપેન્દ્ર પટેલની અધ્યક્ષતામાં કેબિનેટ બેઠક યોજવામાં આવી, આ મુદ્દે મંત્રીઓ સાથે થશે ચર્ચા
ગાંધીનગરમાં સીએમ ભૂપેન્દ્ર પટેલની અધ્યક્ષતામાં કેબિનેટ બેઠકનું આયોજન કરવામાં આવ્યું છે....
ৰহাত ৩২প্ৰহৰ হৰিনাম কীৰ্ত্তন ও মহোৎসৱ ২৭ৰ পৰা
প্ৰত্যেক বৰ্ষৰ দৰে এই বৰ্ষ ও ৰহাত ৩২প্ৰহৰ হৰিনাম কীৰ্ত্তন ও মহোৎসৱ আগন্তুক ২৭মাৰ্চৰ পৰা শুভাৰম্ভ...
Bihar की हलचल के बीच Delhi में बैठक, Amit Shah से मिलने पहुंचे JP Nadda | Chirag Paswan | CM Nitish
Bihar की हलचल के बीच Delhi में बैठक, Amit Shah से मिलने पहुंचे JP Nadda | Chirag Paswan | CM Nitish