ডিগবৈত সেনা আৰক্ষীয়ে তিনিজন যু্ৱকক আলফা(স্বা)ৰ স’তে যোগাযোগ ৰখা বুলি আটক কৰিছিল । তাৰ পাছতে আজি আলফা(স্বা)ৰ তৰফৰ পৰা সংবাদমাধ্যমলৈ এখন প্ৰেছ বিবৃত্তি প্ৰেৰণ কৰি স্পষ্ট কৰে যে, উক্ত তিনি যুৱকৰ স’তে আলফা(স্বা)ৰ কোনো যোগসূত্ৰ নাই ৷ ইয়াৰ পূৰ্বেও আগষ্ট মাহত সোণাৰি আৰু নিতাইপুখুৰীৰ পৰা দুই যু্ৱকক আটক কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল, গতিকে এয়া আৰক্ষী-সেনাৰ কাৰণে কোনো নতুন কাম নহয় ৷