ছিপাঝাৰত নিশা বজ্ৰপাতত ব্যৱসায়িক প্ৰতিষ্ঠান ধ্বংস।

বজ্ৰপাতৰ ফলত সংঘটিত হয় ভয়ানক অগ্নিকাণ্ডৰ। ছিপাঝাৰৰ কঠামাৰাস্থিত মেৰ্চাচ আহমেদ ট্ৰেদাৰ্চ নামৰ হাৰ্ডওৱেৰ প্ৰতিষ্ঠানত সংঘটিত হয় এই ঘটনা। 

নিশা ১২-৩০ বজাত অহা বৰষুণৰ মাজতে হৈছিল বজ্ৰপাত ।

তেতিয়াও পৰিবাহিত হৈ আছিল বিদ্যুৎ ।

মুহূৰ্ততে জুয়ে আগুৰি ধৰে ব্যৱসায়িক প্ৰতিষ্ঠানখন।

 পিছত ছিপাঝাৰৰ অগ্নি নিৰ্বাপক বাহিনীৰ তিনিখনকৈ গাড়ীয়ে জুই নিৰ্বাপন কৰে যদিও ইতিমধ্যে ধ্বংস হয় ব্যৱসায়িক প্ৰতিষ্ঠান খন। প্ৰায় কোটি টকাৰ ক্ষতি হয় এই ঘটনাত। সৌভাগ্যক্ৰমে ঘটনাৰ সময়ত গৰাকী প্ৰতিষ্ঠানখনত নাছিল।

লক্ষণীয় যে দেওবাৰৰ নিশাও বজ্ৰপাতত ব্যাসপাৰাৰ আন এটি পৰিয়ালৰ ক্ষতি হয়।