শিল্পী জিতু-তপনলৈ “সংগীত জ্যোতি” উপাধি বাৰেৰহণীয়া সাংস্কৃতিক মঞ্চ- অসমৰ

 বাৰেৰহণীয়া সাংস্কৃতিক মঞ্চ- অসমৰ উদ্যোগত মঙলদৈত সংগীত শিল্পী জিতু-তপনক প্ৰদান কৰিলে সংগীত জ্যোতি উপাধি ৷

মঙলদৈ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৮০ পৰা ৯০ দশকত ভাৰতীয় সংগীত জগতত খলকনি সৃষ্টি কৰা সংগীত নিৰ্দেশক শিল্পী জিতু-তপনলৈ “সংগীত জ্যোতি” উপাধি প্ৰদান কৰিলে ৷ “অসমীৰে চোতালতে ৰ’দালিৰে চেনেহতে ” “এইখনি গাওঁ আপোন আপোন” “কেতিয়াবা মোৰ নিজকে ইমান অসহায় যেন লাগে” ইয়াৰ উপৰিও হলিউদৰ কিশোৰ কুমাৰ, মহম্মদ ৰফি, লতা মংগেশকাৰ, আশা ভুছলী আদি কৰি প্ৰায় প্ৰতিজন মহান শিল্পীৰ গীতত দিছিল সংগীত ৷

বাৰেৰহণীয়া “সাংস্কৃতিক মঞ্চ- অসম”ৰ উদ্যোগত মঙলদৈত জিলা পুথিভঁৰাল পেক্ষাগৃহত আয়োজিত “সুৰৰ এদিন” প্ৰতিযোগিতা ডিমলী কাশ্যপ প্ৰথম, অদিতি বৰা দ্বিতীয় আৰু হ্ৰদয়ানন্দা নাথে তৃতীয় স্থান দখল কৰে ৷