সুস্থ নাট্য চিন্তা আৰু অনুশীলনেৰে সমগ্ৰ ঢকুৱাখনা মহকুমাত বছৰ বছৰ ধৰি বলিষ্ঠ নাট্য আন্দোলন গঢ়ি তোলা ঢকুৱাখনা নাট্য বিদ্যালয়ৰ উদ্যোগত ৭ জুলাইৰ পৰা অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ শনিবাৰে সন্ধিয়া সফল সামৰণি পৰে। এজাক শিশুৰ নাট্যভিনয়ে মন্ত্ৰমুগ্ধ কৰিলে শ শ দৰ্শকক। ঢকুৱাখনা নৰ্মাল স্কুলৰ প্ৰাংগনত অনুষ্ঠিত হোৱা এই নাট কৰ্মশালা সামৰণি বেলিকাত শিশুসকলে অভিনয় কৰা তিনিখন সুন্দৰ নাট মঞ্চস্থ কৰি দৰ্শকৰ বিপুল সহাৰি লাভ কৰিবলৈ সক্ষম হয় ।

ইপিনে কণ কণ শিশু সকলৰ দ্বাৰা প্ৰৰ্দৰ্শিত হোৱা নাট ক্ৰমে - নাট্যকাৰ ৰূপজ্যোতি মহন্ত ৰচনা আৰু অজয় মেছৰ পৰিচালনাৰে মঞ্চস্থ কৰা হয় শিশু নাট-"ককিলা" , নাট্যকাৰ পংকজ জ্যোতি ভূঞাৰ ৰচিত নাটক-"পঞ্চৱতী" লগতে ঢকুৱাখনা নাট্য বিদ্যালয়ৰ প্ৰযোজনাৰে মঞ্চস্থ হোৱা নাটক -"বেডৰূম"ৰ আদি নৃত্য আৰু উৎকৃষ্ট অভিনয়ত মুগ্ধ হয় উপস্থিত ৰাইজৰ। উল্লেখ্য যে, ঢকুৱাখনা মহকুমা তথা সমীপৱৰ্তী অঞ্চলৰ ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতীক নাট্যকলা শিক্ষণ-প্ৰশিক্ষণৰ জৰিয়তে এটা সুস্থ, সাংস্কৃতিক বাতাবৰণ গঢ়ি তুলিবলৈ সক্ষম হোৱা ঢকুৱাখনা নাট্য বিদ্যালয়ে বিগত বছৰ সমূহৰ দৰে এইবাৰো এমহীয়া এক গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ অনুষ্ঠিত কৰিছিল ৷ বিশেষকৈ শিশুসকলৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, সামাজিক দিশত প্ৰতিভা বিকাশৰ লগতে নাটকৰ জৰিয়তে লাজ,ভয়,সংকোচ, শংকাৰ দূৰ কৰি নিজকে সমাজত এজন সচেতন ব্যক্তি হিচাবে গঢ়ি তোলাই হৈছে এই কৰ্মশালাৰ মুখ্য উদ্দেশ্য। গ্ৰীষ্মকালীন বন্ধত এনে কৰ্মশালাৰ জৰিয়তে স্থানীয় কণ কণ শিশু, কিশোৰ-কিশোৰী সকলক আগবঢ়াই নিয়াত ঢকুৱাখনা নাট্য বিদ্যালয়ৰ ভূমিকাক অভিভাৱক, স্থানীয় সচেতন ৰাইজ আদি সকলোৱে শলাগ লয়। সামৰণি অনুষ্ঠানতে কৰ্মশালাৰ শিক্ষাৰ্থী সকলক মানপত্ৰ প্ৰদান কৰা হয় ৷