ভিক্টৰ দাসৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত সোণাৰিত উপস্থিত হৈ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া 

কেইটামান সংবাদ মাধ্যম আৰু ৰাজনৈতিক দলে নিবনুৱাৰ চাকৰি হোৱাটো বিচৰা নাই ,সোণাৰিত মুখ্যমন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য

 ভিক্টৰ দাসৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত সোণাৰিত উপস্থিত হৈ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । ভিক্টৰ দাসে কোনোধৰণৰ উপযুক্ত প্ৰমাণ দিব নোৱাৰাৰ কথা উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই । এয়া জেমছ বণ্ডৰ চিনেমা নেকি বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ।কেইটামান সংবাদ মাধ্যম আৰু হীনমান্যতাত ভুগা ৰাজনৈতিক দলে নিযুক্তি প্ৰক্ৰিয়াত অপপ্ৰচাৰ চলায় থকা বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।সোণাৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাত উপস্থিত থাকি স্থানীয় সংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাত এই মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই নিযুক্তি প্ৰক্ৰিয়াত আউল লগাব বিচৰা এই একাংশ সংবাদ মাধ্যম আৰু ৰাজনৈতিক দলসমূহক প্ৰত্যাহ্বান জনাই কয় যে দূর্গা পূজাৰ আগত এটা পৰীক্ষাৰ ফলাফল আৰু আনটো দূর্গা পূজাৰ পাছত ওলাব লগীয়া পৰীক্ষাৰ ফলাফলৰ পাছত সকলো দুধ কা দুধ আৰু পানী কা পানী হৈ যাব । দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে সকলো চৰকাৰী চাকৰিয়াল আমাৰ পৰিয়ালৰ সদস্যৰ দৰে । তেওঁলোকক আমি ঘৰৰ পৰাই বুজাই দিব লাগিব যে দুৰ্নীতিৰ ধন আমাক নেলাগে , সেই ধন ঘৰলৈ নানিব । তেতিয়াহে আমাৰ সমাজৰ পৰা দুৰ্নীতি নিৰ্মূল কৰিব পৰা যাব ।