ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতি ডাঃচৈকত পাত্ৰৰ হাতত আজি ডিব্ৰুগড় নাগৰিক মঞ্চই এখন অভিযোগ পত্ৰ প্ৰদান কৰে।ডিব্ৰুগড় নাগৰিক মঞ্চৰ হৈ সভাপতি ডঃভাৰতী দত্ত, কাৰ্য্যকৰী সভাপতি বুদ্ধেশ্বৰ বৰুৱা আৰু সাধাৰণ সম্পাদক দুৰ্লভ গগৈৰ স্বাক্ষৰত প্ৰদত্ত অভিযোগ পত্ৰত উল্লেখ কৰা হয় যে, ৰাজ্য চৰকাৰে পৌৰ এলেকাধীন নাগৰিকৰ সম্পত্তি কৰ ধাৰ্য কৰাৰ যি তাৎক্ষণিক ব্যৱস্থা হাতত লৈছে কোনো আগতীয়া ৰাজহুৱা শুনানী আদি গ্ৰহন নকৰাকৈ একপক্ষীয় ভাৱে,এই ব্যবস্থা নিতান্তই অগণতান্ত্ৰিক আৰু নাগৰিকৰ স্বাৰ্থৰ পৰিপন্থী। সেয়েহে ইয়াক অচিৰে প্ৰত্যাহাৰ কৰিব লাগে।ডিব্ৰুগড় নাগৰিক মঞ্চই দাবী কৰে যে,মাত্ৰ চাৰি দিনৰ সময় বান্ধি দি নিৰ্দিষ্ট প্ৰপত্ৰৰ জৰিয়তে নাগৰিকক নিজৰ সম্পত্তিৰ মূল্যাঙ্কন কৰাৰ তথ্য ১০ চেপ্তেম্বৰ ভিতৰত জমা দিবলৈ নিৰ্দেশ দিয়া,অন্যথা জৰিমনাৰ ব্যৱস্থা হাতত লোৱা কাৰ্য্য অচিৰেই প্ৰত্যাহাৰ কৰিব লাগে।
পৌৰ নিগম আৰু পৌৰ সভাবোৰৰ জৰিয়তে চৰকাৰে নাগৰিকক নিম্নতম সা-সুবিধা যেনে,খোৱা পানীৰ ব্যৱস্থা,ষ্ট্ৰীট লাইনৰ ব্যৱস্থা,নগৰৰ নলা-নৰ্দমা আদি পৰিস্কৰণ আদিত সম্পূৰ্ণ ব্যৰ্থ হৈছে। অন্যহাতে সম্পত্তি মূল্যায়নৰ বাবে ভাৰতৰ অন্যান্য চহৰ-নগৰ সমূহত গ্ৰহণ কৰা ইউনিট এৰিয়া মেথড গ্ৰহণ কৰি আছাম মিউনিচিপ্যাল এক্ট গ্ৰহণ কৰা হৈছে যদিও পৌৰ নিগম আৰু পৌৰ সভা সমূহৰ আইনত এই সংশোধনী আজিলৈকে কৰা হোৱা নাই।ইয়াক কাৰ্যকৰী কৰিবলৈ ন্যায়ালয়েও চৰকাৰক পৰামৰ্শ দিছিল। কিন্তু এই সকলোবোৰ আওকাণ কৰি হঠাৎ ৰাজ্য চৰকাৰে এই যি ব্যৱস্থাৰ কথা ঘোষণা কৰিছে,তাক ডিব্ৰুগড় নাগৰিক মঞ্চই তীব্ৰ বিৰোধিতা কৰিছে আৰু অভিযোগ পত্ৰখনৰ যোগে সেই নিৰ্দেশ প্ৰত্যাহাৰৰ দাবী জনাইছে।