'মই সাহিত্য সভাৰ সভাপতি হোৱাৰ সপোন দেখা নাছিলোঁ । ৰাইজৰ দাবীৰ বাবেহে সাহিত্য সভাৰ সভাপতিৰ পদত নামিবলৈ বাধ্য হৈছোঁ ।' এই মন্তব্য কৰিছে বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছিয়ে । বৃহস্পতিবাৰে মৰাণত মৰাণ শাখা সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত ড° অনিল শইকীয়াৰ দ্বাৰা সম্পাদিত লেখিকা ইলা বৰগোহাঁই ৰচনাৱলী উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছিয়ে আৰু কয় যে ৰাইজে নখ জোকাৰিলে নৈ বয় । ৰাইজৰ দাবীতহে মই শিৰনট হৈ সভাপতি পদৰ বাবে আগবাঢ়িছোঁ । আজি ২০-২৫ বছৰে ৰাইজৰ এই দাবী উঠি আহিছে । এইবাৰ মই সেই দাবী মানি ল'ম বুলি সাহিত্যিক জনে স্পষ্ট ভাৱে উল্লেখ কৰে । তেওঁ লগতে কয় যে মই আশাবাদী, ৰাইজৰ আৰ্শীবাদ মোৰ লগত আছে, মেডিয়াৰ আৰ্শীবাদ মোৰ লগত আছে । সেয়ে সভাপতি হোৱাৰ আশা কৰিছোঁ । উল্লেখযোগ্য যে মৰাণ মহাবিদ্যালয় প্ৰেক্ষাগৃহত মৰাণ শাখা সাহিত্য সভাৰ উদ্যোগত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক জন্মদিৱস এই অনুষ্ঠানটোতে গীত মাতেৰে পালন কৰা হয় । মৰাণ শাখা সাহিত্য সভাৰ সভাপতি প্ৰশান্ত দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছিৰ লগতে  লোক সংস্কৃতিৰ সাধক ড° অনিল শইকীয়া, মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড° মিতালী কোঁ‌ৱৰ, লেখক লুহিত কুমাৰ বৰাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে