স্বেচ্ছাসেৱী সংগঠন 'প্ৰত্যুষ'ৰ উদ্যোগত আজি বৃহস্পতিবাৰে ৩৭ তম নেত্ৰদান পষেক উপলক্ষে এটি বিনামূলীয়া চকু চিকিৎসা শিৱিৰ অনুষ্ঠিত হৈ যায় ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নেত্ৰালয় বিভাগৰ সৌজ্যন্যত বেজেৰা ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত চকু চিকিৎসা শিৱিৰটোৰ সামান্তৰালভাৱে নেত্ৰদান আৰু চকু চিকিৎসা সম্বন্ধীয় এখনি সজাগতামূলক সভাও অনুষ্ঠিত হয় ৷ প্ৰত্যুষৰ সভাপতি বলোৰাম বৰুৱা আৰু সম্পাদক তপন ডেকাই আঁত ধৰা সজাগতামূলক সভাখনত চকুৰ চিকিৎসা আৰু নেত্ৰদান সম্পৰ্কে ডা: জ্যোতি ভূঞাই বহুমূলীয়া বক্তব্য প্ৰদান কৰে ৷ সজাগতা সভাখনত মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক প্ৰাণজিৎ ডেকা,বিজেপি বেজেৰা মণ্ডলৰ সভাপতি দিলিপ ডেকা,প্ৰাক্তন ছাত্ৰনেতা বনজিৎ ডেকা,পংকজ বৰুৱা প্ৰমুখ্যে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি অংশ গ্ৰহণ কৰে ৷ সজাগতা সভাখনৰ পিছতে অনুষ্ঠিত বিনামূলীয়া চকু চিকিৎসা শিবিৰটোত সাতগৰাকী চিকিৎসকে প্ৰায় দুই শতাধিক ৰোগীক চিকিৎসা প্ৰদান কৰে ৷ বিনামূলীয়া চিকিৎসা শিৱিৰটো চলি থকা সময়তে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে শিৱিৰটো পৰিদৰ্শন কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Arun Govil : Meerut सीट पर Ramayan सीरियल में भगवान राम बने अरुण गोविल और सपा की रणनीति में जंग BBC
Arun Govil : Meerut सीट पर Ramayan सीरियल में भगवान राम बने अरुण गोविल और सपा की रणनीति में जंग BBC
વાઘોડિયા એકતાનગર ખાતે મફત આંખ તપાસ કેમ્પ યોજાયો
વાઘોડિયા એકતાનગર ખાતે મફત આંખ તપાસ કેમ્પ યોજાયો
যোৱা ১ আগষ্ট আৰু ২ আগষ্ট তাৰিখে মাজুলী জিলাৰ নিৰ্বাচনী বিষয়াই উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষ আৰু উজনি মাজুলী খণ্ড উন্নয়ন বিষয়াৰ সভাকক্ষত বিএলঅ সকলক ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধন সম্পৰ্কত প্ৰশিক্ষণ প্ৰদান কৰে
যোৱা ১ আগষ্ট আৰু ২ আগষ্ট তাৰিখে মাজুলী জিলাৰ নিৰ্বাচনী বিষয়াই উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষ আৰু...
বোকাজানত নিশা বন্যহস্তীৰ তাণ্ডৱ।
বোকাজানত নিশা বন্যহস্তীৰ তাণ্ডৱ।