উত্তৰ পূব ভাৰতৰ অন্তৰ্গত মেঘালয়ৰ পূব খাচী পাহাৰীয়া জিলাৰ এখন গাওঁ মাওলিনং । মাওলিনং এতিয়া এখন বিখ্যাত গাঁও, কাৰণ এই গাঁওখন পৰিগণিত হৈছে এছিয়া মহাদেশৰ আটাইতকৈ চিকুণ গাঁও হিচাপে ।২০০৩ চনত Discover India Magazineৰ তৰফৰ পৰা গাঁওখনক এছিয়া মহাদেশৰ আটাইতকৈ পৰিস্কাৰ গাঁৱৰ খিতাপ দিয়া হৈছিল ।গতিকে পৰিস্কাৰ-পৰিচ্ছন্নতাৰ দিশত সুখ্যাতি অৰ্জন কৰা গাঁওখন এবাৰ নিজ চকুৰে চাই আহিবলৈ স্বাভাৱিকতে পৰ্যটকৰ ঢল ববলৈ আৰম্ভ কৰিছে মেঘালয়লৈ,পৰ্যটন ক্ষেত্ৰৰ পৰা সবল হৈছে গাঁওখনৰ অৰ্থনীতি । মাওলিনং পূব খাচী জিলাৰ পিনুৰশ্লা উন্নয়ন খণ্ডৰ অধীনত অৱস্থিত ।সেউজীয়া গছ-গছনিৰে ভৰপূৰ অপৰূপ এই গাঁওখন মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙৰ পৰা ৯০ কিমি দূৰৈত আৰু ভাৰত-বাংলাদেশ সীমান্তত । 

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

  মাওলিনঙৰ বাসিন্দাসকলে যুগ যুগ ধৰি পৰিৱেশৰ চাফ-চিকুণতাৰ দিশত যথেষ্ট সজাগতা অৱলম্বন কৰি আহিছে ।পৰিৱেশৰ স্বচ্ছতাৰ ক্ষেত্ৰত গাঁৱৰ বাসিন্দাসকলৰ পূৰ্বপুৰুষৰ পৰম্পৰাগত চিন্তাধাৰা আৰু আদৰ্শ আজিও অক্ষুন্ন ৰাখিছে গাঁওবাসীয়ে । ২০১৪ চনৰ সমীক্ষা মতে গাঁওখনত ৯৫ টা পৰিয়াল আছে ।২০১৫ চনত গাঁওখনৰ জনসংখ্যা আছিল ৫০০ জন । গাঁওখনৰ এটা বৈশিষ্ট্য হ'ল নতুনকৈ কোনোবাই ঘৰ নিৰ্মাণ কৰাৰ আগতে নিৰ্মাণ কৰিব লাগিব শৌচালয় । সেই অনুসাৰে গাঁওবাসীৰ ঘৰে ঘৰে আছে শৌচাগাৰ । মাওলিনঙৰ সাক্ষ্যৰতাৰ হাৰ ৯০% ।কৃষি-কৰ্ম ইয়াৰ লোকসকলৰ প্ৰধান জীৱিকা ।তামোল এই অঞ্চলৰ মুখ্য উৎপাদিত উদ্যান শস্য ।গ্ৰীষ্মৰ সময়ছোৱাত স্থানীয় অঞ্চলৰ লিচু আৰু মাটিকঁঠালেৰে গাঁওখন উভৈনদী হৈ থাকে । ইয়াৰ লোকসকল খাছী জনজাতীয় আৰু খ্ৰীষ্টান ধৰ্মীয় ।ধৰ্মীয় উপাসনাথলী হিচাপে গাঁওখনত তিনিটা গীৰ্জাঘৰ আছে । মাওলিনঙৰ লোকসকলৰ মাজত মাতৃপ্ৰধান সমাজৰ ৰীতি-নীতি প্ৰচলিত ।

    মাওলিনং এতিয়া পৰ্যটকসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিছে । নিজৰাৰ দেশ মেঘালয় ভ্ৰমণলৈ যোৱাসকলে মাওলিঙলৈ নগ'লে যেন মেঘালয় ভ্ৰমণৰ আনন্দ সম্পূৰ্ণ হৈ নুঠে ।পৰিস্কাৰ-পৰিচ্ছন্ন গাঁওখনৰ পদূলিয়ে পদূলিয়ে শাৰী শাৰী বাঁহৰ ডাষ্টবিন,ৰাষ্টা-ঘাট পকী,ঘৰে ঘৰে সুন্দৰ সুন্দৰ ফুলনিৰ বাগিছা,পৰ্যটকসকলৰ বাবে আছে পৰ্যাপ্ত থকা-খোৱাৰ ব্যৱস্থা । পৰ্যটন অৰ্থনীতিৰে জীপাল হৈ উঠা গাওঁখনৰ বাসিন্দাসকলৰ বাবে স্বচ্ছতাই হৈ পৰিল ভাগ্যোদয়ৰ চকৰী ।