সপ্তম শ্ৰেণীৰ ছাত্র -কৌস্তভ মণি কলিতাৰ ব্যতিক্ৰমী প্ৰচেষ্টাঃ সাজি উলিয়ালে " বিশ্বকৰ্মাৰ প্ৰতিমা" । বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ পূজা লৈ মাজত মাথো কেইটা মান দিন বাকী । ব্যস্ততাৰ অন্ত নাই মৃৎশিল্পী সকলৰ । দিপীলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ কৌস্তৱমনি কলিতাও ব্যস্ত হৈ পৰিছে মূৰ্ত্তি সজাত। অকল বিশ্বকৰ্মাৰ মূৰ্ত্তিয়ে নহয়, শিৱ, লক্ষ্মী, সৰস্বতী ,গনেশ আদি বিভিন্ন দেৱ -দেৱীৰ মূৰ্ত্তি ইতিমধ্যে সাঁজি উলিয়াইছে কিশোৰ শিল্পীগৰাকীয়ে।

কৌস্তৱে লকডাউনৰ সমযত বিদ্যালয় বন্ধ হৈ পৰাত আন মৃৎশিল্পীক অনুকৰণ কৰিয়েই শিল্পকৰ্মত মনোনিবেশ কৰে। আনকি আৰ্থিকভাৱে অনগ্ৰসৰ পৰিয়ালটিৰ সন্তান 

 কৌস্তভমণি কলিতাই নিজে সা‍ঁজি উলিওৱা মূৰ্ত্তি বিক্ৰী কৰি পঢ়াৰ খৰচ উলিয়ায়।