ৰহা অংকুৰ জ্যোতি বিহুবা দল ও ৰহা ৰাইজৰ সহযোগত আজি ৰ পৰা ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতন ত ৮ দিনীয়া বিহু কৰ্মশালাৰ শুভাৰম্ভ ৫ গতি বন্তি প্ৰজ্বলনেৰে কৰা হয়।

   ‌  ৰহা অংকুৰ জ্যোতি বিহুবা দলৰ ৩য় বাৰ্ষিক বিহু কৰ্মশালাত ৰহা ৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ কন কন শিশু আৰু যুবক যুবতীয়ে অংশ গ্ৰহণ কৰি বিহু নৃত্য আৰু ঢোল বাদনৰ প্ৰশিক্ষণ লয়।

     ৰহা অংকুৰ জ্যোতি বিহুবা দল ৰ পৰিচালক ৰাজীব বৰদলৈ, জ্যোতিমনি দাস,উপেন মেধি,অতুল বৰদলৈ আৰু ডিম্বেশ্বৰ দাসে জানিব দিয়া মতে কৰ্মশালা ত মুখ্য প্ৰশিক্ষক ৰূপে বিহু সম্ৰাজ্ঞী গায়ত্ৰী কোঁৱৰ, বৰ বিহুবা জয়ন্ত সোনোৱাল উপস্থিত থকাৰ লগতে প্ৰশিক্ষক ৰূপেDY বিহুৰানী২০২২ সংগীতা ৰাভা,কৰ্মশালা ৰ তত্বধায়ক জিন্টু কটকী, বিশিষ্ট বিহুবা প্ৰসেনজিৎ কোঁৱৰ, বিহু কৃষ্টি সাধক পদুম প্ৰসাদ শইকীয়া,বৰ বিহুবতী কংকনা কোঁৱৰ, বিশিষ্ট বিহুবা বিৰেন ডেকা,ৰাজু সৰকাৰ,দেবজ্যোতি নাথ আৰু প্ৰাঞ্জল কাকতি আৰু অতিথি শিল্পী ৰূপে বিশিষ্ট বৰ বিহুবা বিমান বৰুৱা আৰু বিশিষ্ট বিহুবা বাপুজী কোঁৱৰ উপস্থিত থাকিব আৰু সহযোগী প্ৰশিক্ষক ৰূপে অংকুৰ জ্যোতি বিহুবা দলৰ সদস্য সদস্যা।

   কৰ্মশালা ৰ অন্তিম দিন২৬ মাৰ্চত শ্ৰী ভূমি অসম শীৰ্ষক লোকবাদ্য সংগীত, বিহু হুচুঁৰী আৰু বাৰেৰহনীয়া লোক নৃত্য ৰ অনুষ্ঠান অনুষ্ঠিত হব।